লখিমপুৰত ২ হাজাৰোধিক কৃষকৰ হাহাকাৰঃ পথাৰতে গেলিছে শ শ কুইন্টল লাও ,বেঙেনা ,জিকা…

লখিমপুৰত ২ হাজাৰোধিক কৃষকৰ হাহাকাৰঃ পথাৰতে গেলিছে শ শ কুইন্টল লাও ,বেঙেনা ,জিকা…


ডিজিটেল সংবাদ, লখিমপুৰঃ কোৰোনা মহামাৰীৰ সময়ত উপযুক্ত কৃষি নীতি আৰু বজাৰ ব্যৱস্থাৰ অভাৱে বৰ বিপাঙত পেলাইছে ৰাজ্যৰ ৰবি শস্যৰ কৃষক সকলক ৷ লক ডাউনৰ এই সময় চোৱাত লখিমপুৰত প্ৰায় দুই হাজাৰোধিক কৃষকৰ পথাৰত উৎপাদিত সামগ্ৰী বজাৰৰ অভাৱত নষ্ট হৈছে ৷

গাঁঠিৰ ধন ভাঙি ,দেহৰ ঘাম মাটিত পেলায় বৈজ্ঞানিক পদ্ধতিৰে গুনগত চাহিদা সম্পন্ন শাক পাচলিৰ খেতি কৰা কৃষক সকলে চকুৰ সন্মুখতে উৎপাদিত ফচল গেলি পচি যোৱা দৃশ্য দেখি মৰ্মাহত হৈছে ৷ উল্লেখযোগ্য যে যোৱা ২৪ মাৰ্চৰ পৰা ৰাজ্যত লাগু হোৱা লক ডাউনৰ বাবে হাট বজাৰ সমূহ বন্ধ হৈ পৰিল ৷

যাৰ ফলত বজাৰৰ অভাৱত পথাৰত নষ্ট হৈছে কৃষকৰ কষ্ট উৎপাদিত ফচল ৷ লখিমপুৰ প্ৰশাসনে গঞা কৃষক ৰাইজৰ উৎপাদিত ফচল ল'ক ডাউনৰ নীতি নিয়মৰ মাজেৰে চহৰ মুখী বা গাঁৱত উপলব্ধ হোৱাৰ কোনো পদক্ষেপ নললে ৷ ফল স্বৰূপে নাওবৈছা ,বিহপুৰীয়া – নাৰায়ণপুৰ ,বঙাল মৰা ,শিঙৰা ,ৰঙানদী ,দিজু চাপৰি ,ৰঙাজান ,ভীমপৰা ,আমতলা ,হেচামৰা চাপৰি ,বাধাকৰা ,কৰকনি ,কাটৰি চাপৰি ,থেকেৰাগুৰি চাউলধোৱা আদি স্হানৰ দুহেজাৰোধিক কৃষকৰ উৎপাদিত কেইবা হাজাৰ কুইণ্টল শাক পাচলি তলিতে নষ্ট হৈছে ৷

ল'ক ডাউনৰ বাবে নিজৰ খেতি ডৰাও বহু কৃষকে যতন ল'ব নোৱাৰা হ'ল ৷ চাউলধোৱাৰ খঙাজান চাপৰিত ভিয়েটনাম ফেৰৎ কৃষক মানিক দাসে বৈজ্ঞানিক জৈৱিক পদ্ধতিৰে উৎপাদন কৰা ১০ বিঘা ভূমিৰ ৰঙালাও আৰু তৰ্মূজ ফচল পথাৰতে নষ্ট হৈছে ৷ প্ৰতিবছৰে ৫ ৰ পৰা ১০ লাখ টকা পৰ্যন্ত ৰঙালাও আৰু তৰ্মূজ খেতিৰ পৰা উপাৰ্জন কৰা মানিক দাসৰ এইবাৰ লক ডাউনৰ ফলত লোকচান হ'ল পাঁচ লাখ টকা ৷ একেদৰে জাতি লাও ,জিকা ,ভেণ্ডি আদি পথাৰতে গেলি যোৱাৰ ফলত লোকচান হ'ল দুই লাখ টকা ৷

আনহাতে বিধায়ক ডা° ৰণোজ পেগু উপদেষ্টা হিচাবে থকা জাজিংচা ছ'চাইটিয়েও কভিড ১৯ ৰ বাবে ৰবি উৎপাদিত ফচল ব্যৱসায়ত ব্যাপক লোক চানৰ সন্মুখীন হয় ৷ প্ৰায় ৪০ বিঘা ভূমিত বিভিন্ন জাতৰ শাক পাচলিৰ খেতি কৰা ফাৰ্ম খনৰ ল'ক ডাউনৰ ফলত লোকচান প্ৰায় ১০ লাখ টকা ৷ অসমীয়া প্ৰতিদিনৰ ক্ষেত্ৰ ভিৰ্তিক অধ্যয়নত পোহৰলৈ আহিছে এই তথ্য ৷

প্ৰণিধানযোগ্য যে লাভজনক ভাৱে ৰবি খেতি কৰা এই সকল কৃষকে বিভিন্ন বেংকৰ পৰা ঋন লৈ ব্যবসায়িক ভিৰ্তিত ৰবি খেতি কৰিছিল ৷ ল'ক ডাউনৰ সময়ত চৰকাৰৰ কৃষি বিভাগ নাইবা যোগান বিভাগৰ উপযুক্ত বজাৰ নীতি নোহোৱাৰ বাবে ব্যাপক ভাৱে লোকচানৰ সন্মুখীন হৈছে এই সকল কৃষক ৷ কৃষি বিভাগেও এই সকল দুৰ্ভগীয়া কৃষকৰ ক্ষতিপূৰণৰ বাবে কোনো উদ্যোগ লোৱা নাই এই পৰ্যন্ত ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in