শ্লোগানতে সীমাবদ্ধ চৰকাৰৰ বিকাশ নীতি! লখিমপুৰ-বিশ্বনাথ জিলাৰ সীমান্তৱৰ্তী গাঁৱৰ জনতাৰ মান্ধাতা যুগীয়া জীৱন…

শ্লোগানতে সীমাবদ্ধ চৰকাৰৰ বিকাশ নীতি! লখিমপুৰ-বিশ্বনাথ জিলাৰ সীমান্তৱৰ্তী গাঁৱৰ জনতাৰ মান্ধাতা যুগীয়া জীৱন…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ স্বাধীনতাৰ ৭ দশকৰ পিছতো বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত এখন গাঁও। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ চেচা-ৰাজগড়ত অৱস্থিত অসম-অৰুণাচল সীমান্তৱৰ্তী পূৱ ৰতনপুৰ নামৰ গাঁও খনত আজিও কেৱল শ্লোগানতে সীমাবদ্ধ হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ 'সব কা সাথ সবকা বিকাশ' নীতি ।

যিসময়ত দেশৰ শেষ প্ৰান্তৰত থকা পৰিয়ালটোৰ বিকাশৰ কথা কৈ অহা হৈছে ঠিক সেই সময়তেই এই খিলঞ্জীয়া মানুহৰ বসতিস্থল গাঁও খনে স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই উন্নয়নৰ ।বাসস্থান, শিক্ষা, বিদ্যুৎ, বিশুদ্ধ খোৱাপানী, চিকিৎসা, যাতায়ত, অনাময় আচনিকে ধৰি ভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত আজি গাঁওখন।

এক কথাত ক'বলৈ গলে সকলো ধৰণৰ মৌলিক অধিকাৰৰ পৰাই বঞ্চিত-অৱহেলিত গাঁও খনৰ দুৰ্ভগীয়া লোক সকল । কণ কণ শিশু সকলে শিক্ষা গ্ৰহণৰ বাবে অৰুণাচল পাহাৰৰ পৰা বৈ অহা খৰশ্ৰোতা চেচা নৈ পাৰ হৈ প্ৰায় তিনি-চাৰি কিলোমিটাৰ পথ অতিক্ৰম কৰি যাব লাগে বিদ্যালয়লৈ বুলি । এজাক বৰষুণ দিলেই নদীৰ পানী ফেনেফোটোকাৰে বাঢ়ি আহাৰ ফলত প্ৰায়েই বিদ্যালয় মুখী যাত্ৰা বন্ধ হয় কণ কণ ছাত্র-ছাত্ৰী সকলৰ ।

আনহাতে চিকিৎসাৰ ক্ষেত্ৰতো গাঁও খনৰ লোক সকলে আজিও বেজ-কবিৰাজৰ ওপৰতেই ভৰসা কৰি আহিছে । টিপ চাকিৰ পোহৰতেই নিশা যাপন কৰিবলগীয়া হোৱা গাঁও খনৰ লোক সকলে সীমান্তৱৰ্তী অৰুণাচলী লোকৰ ঘৰত অতি কম মজুৰীত দিন হাজিৰা কৰি বছৰ বছৰ ধৰি পৰিয়াল পোহপাল দি আহিছে ।

মুঠৰ ওপৰত কেৱল সমস্যাৰ মাজতেই দিন অতিবাহিত কৰি আহিছে গাঁও খনৰ লোক সকলে । জনপ্ৰতিনিধিৰ ছা টোকে দেখিবলৈ সক্ষম নোহোৱা গাঁওখনৰ লোক সকলে প্ৰতিটো নিৰ্বাচনতেই কিন্তু সাব্যস্ত কৰি আহিছে নিজৰ নিজৰ ভোটাধিকাৰ । এতিয়া প্ৰশ্ন হয়- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন পৰিৱৰ্তনকামী চৰকাৰ খনৰ সু-দৃষ্টি পৰিব নে মান্ধাতা যুগীয়া জীৱন অতিবাহিত কৰা সীমান্তৱৰ্তী এই গাঁও খনৰ দুৰ্ভগীয়া লোক সকললৈ???

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in