লাচিত সংঘৰ বাকৰিত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন

বীৰ লাচিতৰ সোঁৱৰণত প্ৰতিবছৰৰ দৰে এইবেলিও ২৪ নৱেম্বৰত গাম্ভীৰ্যপূৰ্ণ তথা এদিনীয়া কাৰ্যসূচীৰে লাচিত সংঘই উদযাপন কৰিব লাচিত দিৱস।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ  অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ উৎস তথা সাহসৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ ৪০৩সংখ্যক জন্মজয়ন্তী উদযাপনৰ বাবে সাজু হৈছে গুৱাহাটী লাচিত সংঘ।

 বীৰ লাচিতৰ সোঁৱৰণত প্ৰতিবছৰৰ দৰে এইবেলিও ২৪ নৱেম্বৰত গাম্ভীৰ্যপূৰ্ণ তথা এদিনীয়া কাৰ্যসূচীৰে লাচিত সংঘই উদযাপন কৰিব লাচিত দিৱস।

সোমবাৰে পুৱা ১০ বজাতে সংঘৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব লেফটেনেন্ট প্ৰণৱ কুমাৰ ভৰালী আৰু মহাধিৱক্তা ৰমেশ বৰপাত্ৰ গোহাই।

উল্লেখ্য যে, প্ৰতিষ্ঠা কালৰ প্ৰায় ৪ দশকৰো অধিক সময় পাছতো একেই কৰ্মোদ্যমেৰে বীৰ গৰাকীৰ শৌৰ্য আৰু পৰাক্ৰমক উদযাপন কৰি অহা লাচিত সংঘই লাচিত দিৱসৰ সৈতে সংগতি ৰাখি সদৌ গুৱাহাটী ভিত্তিত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰিছে।

লাচিত বৰফুকন বীৰ লাচিত