৩৯৯ তম জন্ম দিৱস বীৰ লাচিতৰ, ৩৯৯ কিলোমিটাৰ চাইকেল চলাই শ্ৰদ্ধা জ্ঞাপন কাৰ…

৩৯৯ তম জন্ম দিৱস বীৰ লাচিতৰ, ৩৯৯ কিলোমিটাৰ চাইকেল চলাই শ্ৰদ্ধা জ্ঞাপন কাৰ…

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হ'ল বীৰ লাচিতৰ স্মৃতি দিৱস। তাৰ মাজতে এক ব্যতিক্ৰম ৰূপত বীৰ লাচিতক স্মৰণ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ সঞ্জীৱ কুমাৰ চাহুৱে। শৰাইঘাট যুদ্ধৰ মহানায়ক লাচিত বৰফুকনৰ ৩৯৯তন জন্ম দিৱসত ৰংঘৰৰ বাকৰিৰ পৰা গুৱাহাটীৰ ফাঁচী বজাৰৰ নিগলত স্থিত লাচিতৰ প্ৰতিমূৰ্তি লৈকে প্ৰায় ৩৯৯ কিলোমিটাৰ চাইকেল চলাই বৰফুকনক স্মৰণ কৰে ড০ চাহুৱে।

১৬২২ চনৰ ২৪ নবেম্বৰত জন্ম হোৱা বীৰ লাচিত বৰফুকনৰ কথা সৰুৰে পৰা মাতৃৰ মুখত শুনি আহিছিল তেওঁ। বুধবাৰে লাচিত দিৱসত গুৱাহাটীৰ ফাঁচী বজাৰৰ নিলগত স্থিত লাচিত ঘাটত থকা বীৰ জনৰ প্ৰতিমূৰ্তিলৈ প্ৰায় ৩৯৯ কি:মি: চাইকেল চলাই শ্ৰদ্ধা জ্ঞাপন কৰে বীৰজনক। যাত্ৰাৰ এই কালছোৱাত ঐতিহাসিক লাচিত মৈদামো পৰিদৰ্শন কৰে তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in