ফিলিপিনছত কুম্মাৰী ঘূৰ্ণীবতাহৰ তাণ্ডৱ! মৃত্যুৰ সংখ্যা ১১জনলৈ বৃদ্ধি…

ফিলিপিনছত কুম্মাৰী ঘূৰ্ণীবতাহৰ তাণ্ডৱ! মৃত্যুৰ সংখ্যা ১১জনলৈ বৃদ্ধি…

ডিজিটেল ডেস্কঃ ফিলিপিনছত কুম্মাৰী ঘূৰ্ণীবতাহে চলাইছে তাণ্ডৱ।এই ঘূৰ্ণীবতাহৰ ফলত বৰ্তমানলৈ ১১জনকৈ লোকে হেৰুৱাইছে প্ৰাণ। ইফালে, সহস্ৰাধিক লোকেনিজৰ ঘৰ এৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত হ'ব লগা হৈছে। চৰকাৰী বিষয়াই সদৰী কৰাঅনুসৰি, ধাৰাসাৰ বৃষ্টিপাত আৰু ঘূৰ্ণীবতাহৰ ফলত বহু লক্ষাধিক টকাৰ সা-সম্পত্তিক্ষতিগ্ৰস্ত হৈছে।

আনহাতে, স্থানীয় সংবাদমাধ্যমৰ বাতৰি অনুসৰি, নেশ্যনেল ডিজাষ্টাৰ ৰিস্কৰিডাকশ্যন এণ্ড মেনেজমেন্ট কাউন্সিলে জনাই যে, প্ৰায় ১১,৪৫২ টা ঘৰত বাঢ়নি পানীসোমাইছে আৰু যাৰ ফলত ভূমিস্খলনৰ আশংকাই দেখা দিছে। সেয়েহে ৪,৫৮,০২০জন লোকক নিৰাপদস্থানলৈ লৈ যোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in