শেহতীয়া খবৰ
দিল্লীত 'কা' বিৰোধী প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, নিহতৰ সংখ্যা ২০লৈ বৃদ্ধি...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ৮ম বাৰৰ বাবে বিজু জনতা দলৰ সভাপতি নিৰ্বাচিত  •  দিল্লীত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুওৱা হেড কনিষ্টবল ৰতন লালক শ্বহীদ ঘোষণাৰ দাবীত প্ৰতিবাদ...  •  দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব প্ৰদান অজিত ডোভালক...  •  দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক...  •  শ্ৰম বিভাগৰ ১২১ কোটি টকীয়া কেলেংকাৰীৰ মুখ্য অভিযুক্ত গৌতম বৰুৱাক গ্ৰেপ্তাৰ...  •  কাজিৰঙাত বিধ্বংসী অগ্নিকাণ্ড  •  আতৰাব পৰা যাবনে দিল্লীৰ শ্বাহীনবাগৰ পৰা প্ৰতিবাদকাৰীসকলক, বুধবাৰে উচ্চতম ন্যায়ালয়ত শুনানি...

কুমাৰপাৰাত স্বাধীনতা দিৱস উদযাপন

80

ডিজিটেল সংবাদস গুৱাহাটীঃ মহানগৰীৰ কুমাৰপাৰাৰ জাতীয় দিৱস উদযাপন মঞ্চৰ উদ্যোগত কুমাৰপাৰা পাঁচআলিতো ৭৩ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। স্বাধীনতা দিৱস উপলক্ষে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই। উল্লেখ্য যে, দিৱসৰ লগত সংগতি ৰাখি প্ৰথমে এক পদ সঞ্চালন অনুষ্ঠিত হয়।

এই পতাকা উত্তোলন কৰি পৰাধীনতাৰ শিকলি ছিঙি বীৰ বীৰাংগনাৰ লগতে দেশৰ শ্বহীদৰ স্মৃতি ৰোমন্থন কৰি বক্তব্য দাঙি ধৰে সাংবাদিক শইকীয়াই। তদুপৰি স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ পিছতে এঞ্জেলছ ইংলিছ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীবৃন্দই ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে। ইয়াৰ পিছতে সমাজলৈ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকললৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

আনহাতে এই অনুষ্ঠানত দেশপ্ৰেমমূলক গীত-নৃত্য আদি পৰিবেশন কৰা হয়। হৰিপ্ৰিয়া বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰীকে ধৰি এঞ্জেলছ ইংলিছ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু অকলেণ্ড ইংলিছ স্কুলৰ শিক্ষাৰ্থীসকলে এই দেশপ্ৰেমমূলক নৃত্য গীত আদিৰ অনুষ্ঠান পৰিবেশন কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি