ৰাজ্যত গুৰ বন্ধ হোৱাক লৈ এতিয়া লামডিঙৰ কৃষকলৈ নামি আহিছে আৰ্থিক সংকট

ৰাজ্যত গুৰ বন্ধ হোৱাক লৈ এতিয়া লামডিঙৰ কৃষকলৈ নামি আহিছে আৰ্থিক সংকট

ডিজিটেল সংবাদ, লামডিংঃ গোলাঘাটৰ সুৰা ট্ৰেজেদিৰ পাছত ৰাজ্যত নিষিদ্ধ কৰা হৈছিল লালিগুড়। এই সুৰা ট্ৰেজেডিৰ পাছতে আৰক্ষী প্ৰশাসনে বিভিন্ন ঠাইত অভিযান চলাই চীল কৰিছিল বহুকেইটা লালীগুড়ৰ গুদাম। এই লালিগুড় চৰকাৰে নিষিদ্ধ কৰাৰ পাছত এতিয়া চৰম অনিশ্চয়তাত ভুগিছে কুহিঁয়াৰ ব্যৱসায়ী তথা গুৰ ব্যৱসায়ী সকল।

উল্লেখ্য যে লামডিঙৰ দৰে এখন দুৰ্গম পাৰ্বত্যঞ্চলত এতিয়া কুহিঁয়াৰ কৃষক সকলে প্ৰতিবাদত নামিবলৈ বাধ্য হৈ পৰিছে৷ লামডিংখন পাহাৰীয়া অঞ্চল হোৱা হেতুকে পানীৰ সমস্যাত বছৰ বছৰ ধৰি জৰ্জৰিত হৈ আহিছে কৃষকসকল ৷ পানীৰ অভাৱত ধান খেতি বা অনান্য খেতি কৰাৰ সুবিধাকনো নাই বাবেই লামডিঙৰ এই সকল ৰাইজে বছৰ বছৰ ধৰি কুঁহিয়াৰ খেতি কৰি গুৰ উৎপাদনৰে ব্যৱসায় কৰি নিজৰ জীৱিকা আৰ্জন কৰি আহিছে৷

কিন্তু এতিয়া তেওঁলোকৰ জীৱিকাত হেঙাৰ হৈ পৰিছে অসম চৰকাৰ৷ ফলত কৃষক সকলে গুৰৰ ব্যৱসায়ৰে স্বচ্ছল জীৱন যাপন কৰাৰ পৰিবৰ্তে এতিয়া পথৰ ভিক্ষাৰীৰ হ'বলৈ বাধ্য হৈ পৰিছে৷ সেয়েহে শুকুৰবাৰে পুৱাই কুঁহিয়াৰ খেতিৰ কৃষক সকলে লামডিং চহৰৰ মাজ মজিয়াতে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়৷ তেওঁলোকৰ দাবী চৰকাৰ আৰু প্ৰশাসনে লামডিঙত উৎপাদিত গুৰ আহি পৰীক্ষা কৰক। তাৰ পিচত নিৰ্ধাৰণ কৰক এই গুৰ ক্ষতিকাৰক বুলি অথবা এই গুৰ খাই কোনো লোক মৃত্যু মুখত পৰে বুলি।

ভেজাল আৰু ক্ষতিকাৰক গুৰৰ পৰিবৰ্তে অসম চৰকাৰে সকলো লালী গুৰ বজাৰত নিষিদ্ধ কৰাত ক্ষোভিত হৈ পৰিছে লামডিঙৰ কৃষক সকল৷ কৃষকসকলে ক্ষোভ উজাৰি কয় যে যিহেতু লামডিং তথা লামডিঙৰ দাঁতি কাষৰীয়া বহু অঞ্চলত পানীৰ অভাৱ সেয়েহে লামডিঙৰ কুঁহিয়াসমূহ পেৰি পগাই উৎপাদন কৰা প্ৰায়খিনি গুৰেই ক'লা বৰণৰ হৈ পৰে। যাৰ ফলত এতিয়া গুৰ ব্যৱসায়ী সকলে কৃষকৰ পৰা গুৰ কিনিবলৈ অমান্তি হৈছে৷

কৃষক সকলে বহু কষ্টৰে কুঁহিয়াৰ খেতিৰে প্ৰতিবছৰৰ দৰে এইবছৰো গুৰসমূহ প্ৰস্তুত কৰিছে যদিও এতিয়া বজাৰত মূল্যহীন হৈ পৰাত ঘৰতেই পেলনীয়া হৈ পৰিছে বস্তাই বস্তাই গুৰ৷ পেটে ভাতে জীয়াই থকা কৃষকসকলে আৰ্থিক দুৰাৱস্থাত ভূগিব লগীয়া হোৱাত এতিয়া লামডিঙৰ ক্ষোভিত কৃষক সকলে চৰকাৰৰ নীতিৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে৷ তেওঁলোকে চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰি কয় যে- চুলাই সেৱন কৰি অসমত যদি ৩০০ লোকৰ মৃত্যু হৈছে তেনেহ'লে আগন্তুক দিনত ৰাজ্যত পেটৰ তাড়নাত হাজাৰ হাজাৰ কুঁহিয়াৰ খেতি কৰি জীৱন নিৰ্বাহ কৰা কৃষকে মৃত্যু বৰণ কৰিব বুলি হুংকাৰ দিয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in