কৃষ্ণাইত ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

কৃষ্ণাইত ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ মানিকপুৰ-ভেলাখামাৰ গাওঁ পঞ্চায়ত প্ৰাংগণত কৃষ্ণাই সমবায় সমিতি লিমিটেডৰ উদ্যোগত ২০১৮-১৯ বৰ্ষৰ সাধাৰণ সভা অনুষ্ঠিত হয়৷ এই সাধাৰণ সভাৰ লগত সংগতি ৰাখি ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃষ্ণাই সমবায় সমিতিৰ অন্তৰ্গত ৮খনকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৃতী ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে অভিনন্দন জনোৱা হয়৷

সমবায় সমিতিৰ সভাপতি জয়ন্ত ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠানত সংশ্লিষ্ট এলেকাৰ মুঠ ৩৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ, ফুলাম গামোছা লগতে অসমীয়া অভিধান "হেমকোষ" আৰু এটাকৈ গছপুলি দি সম্বৰ্ধনা জনোৱা হয়। সমবায় সমিতিৰ সচিব ছয়েদ হুছেইনে উদ্দেশ্য ব্যাখ্যা আগবঢ়ােৱা অভিনন্দন অনু্ষ্ঠানত আতঁ ধৰে শিক্ষক আব্দুল হাই আহমেদে ৷

ইফালে অনুষ্ঠানত অংশগ্ৰহণ কৰা কৃষ্ণাই মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মইনুল হক, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান শিক্ষক হিৰন্ময় বৰ্মন, খৰিধৰা জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক মহৎ ৰাভা, এম এম মেম'ৰিয়ল হাইস্কুলৰ প্ৰধান শিক্ষক নৰুল ইছলাম, কৃষ্ণাই ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুল হাই, বিবেকানন্দ হাইস্কুল, মন্টেশ্বৰী হাইস্কুলৰ শিক্ষকৰ লগতে বিশিষ্ট সমাজসেৱক সকলকো সম্বৰ্ধনা জনায় সমবায় সমিতিয়ে৷

কৃষ্ণাইত পোন প্ৰথমবাৰৰ বাবে সমবায় সমিতিয়ে দেখুওৱা এনে আদৰ্শক কৃষ্ণাইবাসী ৰাইজে শলাগ লয়৷ ভৱিষ্যতে ছাত্ৰ-ছাত্ৰী সকলক উচাহ-উদ্দীপনা তথা উৎসাহিত কৰা এনেকুৱা বিশেষ অনুষ্ঠানৰ ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনাই সমাবায় সমিতিক ৷ অভিনন্দন অনুষ্ঠানত জেষ্ঠ খাদ্য পৰিদৰ্শক ইজাজ আহমেদ, শিক্ষক ফাজিল হক, সমবায় সমিতিৰ প্ৰাক্তন সভাপতি ক্ৰমে আতিফুৰ ৰহমান আৰু আজিমুদ্দিন আহমেদ, অৱসৰ প্ৰাপ্ত শিক্ষক মছিমদ্দিন আহমেদ অাদি কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in