কৃষ্ণাই প্ৰেছ ক্লাবৰ মনোজ্ঞ অনুষ্ঠান, শৰতৰ জোনাকত এখন্তেক

কৃষ্ণাই প্ৰেছ ক্লাবৰ মনোজ্ঞ অনুষ্ঠান, শৰতৰ জোনাকত এখন্তেক

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই প্ৰেছ ক্লাবৰ উদ্যোগত সোমবাৰে 'শৰতৰ জোনাকত এখন্তে' ৰ্শীষক শাৰদীয় ব্যতিক্ৰমী অন্তৰং আলাপ অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। শ্ৰী টুক্ৰেশ্বৰী দেৱালয়ৰ চৌহদত জোনাকৰ পোহৰত আয়োজিত এই অনুষ্ঠানত শিক্ষাবিদ, বুদ্ধিজীৱী, কবি, সাহিত্যিক, শিল্পী, যুৱক, ব্যৱসায়ী, শিক্ষাৰ্থী আৰু সাংবাদিকসহ বিভিন্নজনে অংশগ্ৰহণ কৰে।

ফৰকাল আকাশৰ তলত জোনৰ পোহৰত সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত আয়োজিত অনুষ্ঠানটি সন্ধিয়া বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। বন্তি প্ৰজ্বলন কৰে গোৱালপাৰীয়া লোকগীতৰ জনপ্ৰিয় শিল্পী ৰহিমা কলিতা বেগমে।

অনুষ্ঠানটি উদ্বোধন কৰে দলগোমা আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ গঙ্গেশ কলিতাই। কৃষ্ণাই প্ৰেছ ক্লাবৰ সভাপতি চৈয়দ ৰবিউল হকৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট কবি বিপুল শৰ্মা, জয়ন্তবল্লভ শৰ্মা, প্ৰবীণ কবি ধীৰেন শৰ্মা ওৰফে বিৰুপাক্ষ, কবি, শিল্পী নন্দকিশোৰ ভূঞা, অসমীয়া প্ৰতিদিন কাকতৰ জেষ্ঠ্য সাংবাদিকদ্বয় ক্ৰমে মনোজ অগস্তি আৰু ৰঞ্জিত কুমাৰ শৰ্মাই অংশগ্ৰহণ কৰে।

অনুষ্ঠানত কবি অংকনা চক্ৰৱৰ্তীৰ "বিবৰ্ণ ৰাতিৰ গান" কবিতা পুথিখন উন্মোচন কৰে গোৱালপাৰা জিলা আৰক্ষী অধীক্ষ সুশান্ত বিশ্ব শৰ্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in