গণ সংক্ৰমণৰ দিশে গোৱালপাৰা! কোৰোনা ৰোগীক বিচাৰি ওৰে নিশা আৰক্ষীৰ অভিযান

গণ সংক্ৰমণৰ দিশে গোৱালপাৰা! কোৰোনা ৰোগীক বিচাৰি ওৰে নিশা আৰক্ষীৰ অভিযান

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গুৱাহাটী ধীৰেণপাৰাৰ কোম্পানী এটাত কৰ্মৰত যুৱতী গৰাকীৰ স্বাৱ সংগ্ৰহ কৰাৰ পিছতে পলায়ন কৰিছিল গুৱাহাটীৰ পৰা৷ যোৱা সোমবাৰে পজিটিভ ৰিপোৰ্ট অহাত যুৱতী গৰাকীৰ সৈতে যোগাযোগ কৰিও সুফল নোপোৱাত গুৱাহাটী আৰক্ষীয়ে মোবাইল নম্বৰ ট্ৰেক কৰি যুৱতী গৰাকীক গোৱালপাৰাৰ টুকুৰাত থকা বুলি নিশ্চিত কৰে৷ পিছত আগিয়া আৰক্ষীয়ে গোটেই নিশা অভিযান চলাই মঙ্গলবাৰে যুৱতী গৰাকীক গোৱালপাৰাৰ টুকুৰাৰ এগৰাকী লোকৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্থাত জেৰিনা নাৰ্জাৰী নামৰ যুৱতী গৰাশকীক উদ্ধাৰ কৰে।

যুৱতী গৰাকীৰ ঘৰ বঙাইগাঁৱৰ বিজনীত৷ আনহাতে শনিবাৰৰ পৰা ৰামকৃষ্ণ মণ্ডল নামৰ লোকজনৰ ঘৰত আহি আশ্ৰয় লৈ থকা যুৱতী গৰাকীৰ পৰা উক্ত পৰিয়ালটোৰ লগতে গাওঁৰ বহু লোকৰ দেহলৈ এই ক'ৰোনা সংক্ৰমণৰ আশংকা কৰি জিলা প্ৰশাসনে পৰিয়ালকেইটাক হোম কোৱাৰেণ্টাইন কৰা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in