কৃষ্ণাইত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ, VIDEO

কৃষ্ণাইত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ, VIDEO

ডিজিটেল সংবাদ, কৃষ্ণাইঃ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অন্তিম প্ৰচাৰত ৰাইজক আকৰ্ষিত কৰিবলৈ বিভিন্ন সভা-সমিতি অনুষ্ঠিত কৰিছে ৰাজনৈতিক দল সমূহে৷ দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত কৃষ্ণাইৰ ধাইগাওঁ, শিয়ালী, জাগ্ৰাতপাৰা, পাইকান আদিকে ধৰি বিজেপিয়ে কেইবাখনো ঠাইত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে।

সভাত দুধনৈৰ বিধায়ক দীপক কুমাৰ ৰাভা, বিজেপিৰ জিলা সম্পাদক বৈশিষ্ট চেৰাং, কৃষ্ণাই মণ্ডল সমিতিৰ সভাপতি পৰিমল সাহাৰ লগতে কেইবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in