কয়াকুছিৰ পাকাবেতবাৰী পামত গোহালিত জুই, কেইবাটাও পশুধনৰ মৃত্যু, বৃহৎ ক্ষতিসাধন, VIDEO

কয়াকুছিৰ পাকাবেতবাৰী পামত গোহালিত জুই, কেইবাটাও পশুধনৰ মৃত্যু, বৃহৎ ক্ষতিসাধন, VIDEO

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ কয়াকুছিৰ সমীপৱৰ্তী পাকাবেতবাৰী পামৰ হিকমত আলীৰ ঘৰত বুধবাৰে নিশা ১২ মান বজাত গোহালিত জুই লাগি বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে দুটাকৈ পশুধনৰ মৃত্যু হয়। ইফালে দুটাকৈ পশুধন জুইত অগ্নিদগ্ধ হোৱাৰ লগতে এটি ভেঁড়া ছাগলীৰো ক্ষতিসাধন হয়।

অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ ৪২ নং দক্ষিণ বেতবাৰী গাঁও পঞ্চায়ত তথা কয়াকুছি আৰক্ষী চকীৰ অন্তৰ্গত পাকাবেতবাৰী পামৰ মৰহুম কুসুম আলীৰ পুত্ৰ হিকমত আলীৰ গোহালিৰ জুইৰ লেলিহান শিখাই ভয়ংকৰ ৰূপ লয়।

এই অগ্নিকাণ্ডত পৰিয়ালটোৰ লক্ষাধিক টকাৰ সা-সম্পত্তি বিনষ্ট হয় বুলি জানিব পৰা গৈছে। দিন হাজিৰা কৰি আৰু গাখীৰ বিক্ৰীৰে জীৱন নিৰ্বাহ কৰা পৰিয়ালটোলৈ অন্ধকাৰ নামি অহাত হতাশাত ভাগি পৰিছে পৰিয়ালটো।

স্থানীয় সচেতন ৰাইজ তথা পৰিয়ালটোৱে স্থানীয় পঞ্চায়ত জনপ্ৰতিনিধি¸ বিধায়ক জাকিৰ হুছেইন শিকদাৰ¸ সাংসদ আব্দুল খালেক আৰু জিলা প্ৰশাসনে পৰিয়ালটোক ক্ষতিপূৰণ দি সকাহ দিবলৈ দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in