শিৱসাগৰত ঐক্যৰ উদ্যোগত সদৌ অসম ভিত্তিত কণী যুঁজ প্ৰতিযোগীতা সম্পন্ন

শিৱসাগৰত ঐক্যৰ উদ্যোগত সদৌ অসম ভিত্তিত কণী যুঁজ প্ৰতিযোগীতা সম্পন্ন

ডিজিটেল সংবাদ, শিৱসাগৰঃ গৰুৰ বিহুৰ দিনা শিৱসাগৰৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান ঐক্যৰ উদ্যোগত সদৌ অসম ভিত্তিত কণী যুঁজ প্ৰতিযোগীতা আয়োজন কৰা হয়। অসমৰ জাতীয় জীৱনত গৰুৰ বিহু দিনা পৰম্পৰাগত খেল ধেমালীৰ লগতে কণী যুঁজ অনুষ্ঠিত হৈ আহিছিল যদিও বৰ্তমানৰ যান্ত্ৰিকতা যুগত বিলুপ্তি প্ৰায় হৈছে এই কণী যুঁজ। ঐক্যৰ উদ্যোগত এই পৰম্পৰাগত কণী যুঁজ প্ৰতিযোগীতা কেইবা বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে। ঐক্যৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজন কৰা এই কণী যুঁজ প্ৰতিযোগীতাখনী উদ্ধোধন কৰে শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে।

পুৱা ঐক্যৰ সদস্য সকলে পৰম্পৰাগত ভাৱে গৰুক মাহ হালধি সানি গাই ধোৱাই। তাৰ পিছতেই ঐক্যৰ সভাপতি ধনঞ্জয় শইকীয়াই পতকা উত্তোলন কৰে। সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা কণী যুঁজ প্ৰতিযোগীতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহ, শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা।

সদৌ অসম ভিত্তিত অনুষ্ঠিত কণী যুঁজ প্ৰতিযোগীতাখনিৰ লগত সংগতি ৰাখি জেং বিহু, মুকলি বিহু আৰু জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও সমাজ জীৱনত বিভিন্ন স্তৰত নিজৰ দক্ষতা দাঙি ধৰি আন বহুতৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰা কেইবাগৰাকী বিশিষ্ট ব্যক্তি, ক্ৰীড়া সংগঠক, সমাজসেৱক আৰু সাংস্কৃতিবান ব্যক্তিক ঐক্যৰ তৰফৰ পৰা আনুষ্ঠিানিকভাৱে সম্বৰ্দ্ধনা জনোৱা হয়।

সন্ধিয়া স্বৰ্গীয় দেৱেন্দ্ৰনাথ বৰা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত গীত পৰিবেশন কৰিব অসমৰ জনপ্ৰিয় শিল্পী আকাশ প্ৰীতম, দীপাংকৰ দেওঘৰীয়া আৰু সুমন দুৱৰাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in