কোভিডত আক্ৰান্ত বিশিষ্ট পৰমাণু বিজ্ঞানী ড০ শেখৰ বাসুৰ মৃত্যু..

কোভিডত আক্ৰান্ত বিশিষ্ট পৰমাণু বিজ্ঞানী ড০ শেখৰ বাসুৰ মৃত্যু..

ডিজিটেল ডেস্কঃ বিশিষ্ট পৰমাণু বিজ্ঞানী ড০ শেখৰ বাসুৰ দেহাৱসান। বৃহস্পতিবাৰে কলকাতাৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৮ বছৰ। স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই সদৰী কৰে এই কথা।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ড০ বাসু কোভিড-১৯ৰ লগতে যক্কৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল। পুৱা প্ৰায় ৪ বজাত তেওঁৰ মৃত্যু হয়। উল্লেখ্য যে, ২০১৪চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল ড০ বাসুক। তেওঁৰ মৃত্যুত বহু বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in