মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে বটদ্রৱা থানত শৰাই, নৈবেদ্য কলিয়াবৰ যুৱ মৰ্চাৰ…

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে বটদ্রৱা থানত শৰাই, নৈবেদ্য কলিয়াবৰ যুৱ মৰ্চাৰ…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন জনে ভিন্ন ধৰনে উদযাপন কৰিছে জন্মদিন। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত শৰাই নৈবেদ্য আগবঢ়াই সেৱা জনাই ভাৰতীয় জনতা যুৱ মৰ্চাৰ কলিয়াবৰ জিলাৰ কৰ্মকৰ্তা সকলে।

পুৱা তেল, বন্তি, নৈবেদ্য লৈ কীৰ্তনঘৰত সেৱা আগবঢ়াই মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্যৰ আৰু দীৰ্ঘায়ু কামনা কৰে। মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে বটদ্ৰৱা থানত ভাৰতীয় জনতা যুৱ মৰ্চাৰ কলিয়াবৰ জিলাৰ বটদ্ৰৱা মণ্ডল, ধিং মণ্ডল আৰু দলংঘাট মণ্ডলৰ দুৰ্লভ বৰা, ভাস্কৰজ্যোতি বৰা, পবিত্ৰ গায়ন, চন্দ্ৰামিকা কলিতা, কংকনজিৎ শইকীয়া, বিপিন বৰা, নাওমান ইছলাম, কৃষ্ণ বৰদলৈ, অভিজিৎ ডেকা, গীতাশ্ৰী কলিতাকে আদি কৰি কেইবাগৰাকী কৰ্মকৰ্তাই অংশ গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in