ৰাষ্ট্ৰীয় টাইকোৱাণ্ড চেম্পিয়নশ্বিপত উজিল কলিয়াবৰৰ ৫ খেলুৱৈঃ পঞ্চী হাজৰিকাৰ স্বৰ্ণ লাভ…

ৰাষ্ট্ৰীয় টাইকোৱাণ্ড চেম্পিয়নশ্বিপত উজিল কলিয়াবৰৰ ৫ খেলুৱৈঃ পঞ্চী হাজৰিকাৰ স্বৰ্ণ লাভ…

ডিজিটেল সংবাদ কলিয়াবৰ: ৰাষ্ট্ৰীয় পৰ্য‍্যায়ৰ টাইকোৱাণ্ড প্ৰতিযোগিতাত কলিয়াবৰলৈ সোণৰ পদক কঢ়িয়াই আনিলে পঞ্চী হাজৰিকাই। আনহাতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাি এটা সোণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জ পদকৰে কলিয়াবৰলৈ সাফল্য কঢ়িয়াই আনিলে ৫ গৰাকীকৈ কণ-কণ খেলুৱৈয়ে।

যোৰহাটত অনুষ্ঠিত গুডউইল অপেন ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বীপ – ২০২১ ত উজ্বলিল কলিয়াবৰৰ পাচঁগৰাকী টাইকোৱাণ্ডো খেলুৱৈ। অসম টাইকোৱাণ্ডো একাডেমীৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাৰ বিভিন্ন শাখাত এটা সোণৰ পদক, দুটা ৰূপৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদকসহ মুঠ পাঁচটা পদক বুটলিবলৈ সক্ষম হয় কলিয়াবৰৰ ৫ গৰাকী খেলুৱৈয়ে।

কলিয়াবৰৰ পৰা ৬গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ৫ পদকপ্ৰাপকক কলিয়াবৰৰ শিলঘাটত জনোৱা হয় উষ্ম আদৰণি। পদক লাভ কৰা খেলুৱৈসকল হ'ল ক্ৰমে-পঞ্চী হাজৰিকা – সোণ, জিজ্ঞাস হাজৰিকা – ৰূপ, দিজ্ঞাস বৰা – ৰূপ, কঙ্কন বৰা – ব্ৰঞ্জ, চাণক‍্য চয়ন ডেকা – ব্ৰঞ্জ। উল্লেখ‍্য যে, পদক প্ৰাপক খেলুৱৈসকলে সমাগত আন্তঃ চাই এম্বেচাডৰ কাপত অংশগ্ৰহনৰ সুবিধা লাভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in