কোকৰাঝাৰত ‘কা’ বাতিল আৰু জনজাতিকৰণৰ দাবীত নাথ যোগী ছাত্ৰ সন্থা-আছাৰ যৌথ অনশন…

কোকৰাঝাৰত ‘কা’ বাতিল আৰু জনজাতিকৰণৰ দাবীত নাথ যোগী ছাত্ৰ সন্থা-আছাৰ যৌথ অনশন…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ভোগালীৰ আনন্দ উলাহৰ মাজতো ৰাজ্যত ব্যাপক ৰূপত "কা" বিৰোধী প্ৰতিবাদ অব্যাহত আছে । জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে ৰাজ্যত বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে মঙলবাৰে কোকৰাঝাৰত "কা" বাতিল আৰু জনজাতিকৰণৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) আৰু সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই যৌথভাৱে ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী আৰম্ভ কৰিছে ৷

কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ওচৰত থকা শিশু উদ্যানত মঙলবাৰে ৰাতিপুৱা ১১ বজাৰ পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু নাথ যোগী ছাত্ৰ সন্থাৰ দুই শতাধিক নেতা, সদস্যই হাতে হাতে প্লেকাৰ্ড লৈ অনশনত অংশগ্ৰহণ কৰি অবিলম্বে "কা" বাতিল কৰাৰ লগতে জনগোষ্ঠীদুটাক জনজাতিকৰণ কৰিবলৈ দাবী উত্থাপন কৰে । অনশনথলীত অনশনকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান নিক্ষেপ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

অনশন কাৰ্যসূচীত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক অৰবিন্দ নাথে কয় যে- জনতাৰ বিপক্ষে গৈ ভয়ংকৰ ঠগ প্ৰৱঞ্চনা, কুট কৌশল কৰি বিজেপি চৰকাৰে "কা" জাপি দিলে যদিও সেয়া কোনোপধ্যেই অসমৰ জনতাই মানি নলয় আৰু সেয়েহে ভোগালীৰ আনন্দ-উলাহৰ মাজতো ৰাজ্যৰ চৌদিশে "কা" বিৰোধী প্ৰতিবাদৰ জোৱাৰ উঠিছে । বিদেশীৰ কথা চিন্তা নকৰি খিলঞ্জীয়াৰ কথা চিন্তা কৰিবলৈ বিজেপি চৰকাৰক আহ্বান জনাই অৰবিন্দ নাথে শীঘ্ৰে নাথ যোগী আৰু আদিৱাসীক জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে ।

ইফালে, অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰা আছাৰ সভাপতি ষ্টিফেন লাক্ৰাই বিজেপি চৰকাৰে বাৰম্বাৰ জনগোষ্ঠী দুটাৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও কাৰ্যত একোৱেই নকৰিলে বুলি অভিযোগ কৰে ৷ সাংবিধানিক নীতি নিয়মানুসাৰে খিলঞ্জীয়া জাতি, জনগোষ্ঠী সমূহক সুৰক্ষা প্ৰদান কৰি অসমত বসবাস কৰা জনগোষ্ঠী সমূহক জনজাতিকৰণ নকৰিলে ২০২১ চনত বিজেপিক বিদায় দিয়া হব বুলি মন্তব্য কৰিছে আছাৰ সভাপতি ষ্টিফেন লাক্ৰাই ।

পৰিবৰ্তনৰ সপোন দেখুওৱা বিজেপি চৰকাৰে আদিৱাসীৰ মুল দাবী জনজাতিকৰণ , চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি , বনাঞ্চলত বাস কৰা আদিৱাসীৰ ভূমিৰ অধিকাৰ , ভূমিপট্টা পুৰণ নকৰিলে বুলি অভিযোগেৰে আছাৰ সভাপতি ষ্টিফেন লাক্ৰাই "কা" ৰ নামত বিজেপিয়ে ভোটবেংক তৈয়াৰ কৰা বুলি অভিযোগ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in