ইউটিচিৰ বিৰোধিতাৰে ৫ সংগঠনৰ যৌথ সংবাদমেল, দাবী নামানিলে আন্দোলনৰ হুংকাৰ

ইউটিচিৰ বিৰোধিতাৰে ৫ সংগঠনৰ যৌথ সংবাদমেল, দাবী নামানিলে আন্দোলনৰ হুংকাৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিএডিত সকলো জাতি-জনগোষ্ঠীৰ সম-অধিকাৰ, সম-মৰ্যাদা প্ৰদানত চূড়ান্ত ব্যৰ্থতাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে বিটিচি পৰিসৰ বৃদ্ধি কৰি ইউটিচি গঠনৰ কুচকাৱাজ চলি থকাত সৰৱ হৈ পৰিছে পাচঁটাকৈ জনগোষ্ঠীয় ছাত্ৰ সংগঠন৷ বৃহস্পতিবাৰে কোকৰাঝাৰ চহৰৰ নিকটত ডিমলগাঁৱৰ আক্ৰাছু কাৰ্যালয়ত ৫টাকৈ ছাত্ৰ সংগঠনৰ এক যৌথ সভাত বিটিচি চুক্তিক একপক্ষীয় চুক্তি আখ্যা দি বিটিচি চুক্তিখনক পুনৰীক্ষণ কৰাৰ দাবী তোলে৷

তদুপৰি উক্ত সভাতে বিটিএডিৰ চাৰিসীমাৰ পৰিসৰ বৃদ্ধি কৰি ইউটিচি গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি প্ৰচেষ্টা চলাইছে তাক কোনো পধ্যেই মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে ছাত্ৰ সংগঠনৰ যৌথ গোটটোৱে৷ ইয়াৰ প্ৰতিবাদত ছাত্ৰ গোটটোৱে অহা ১০ ডিচেম্বৰত কোকৰাঝাৰৰ চহৰৰ মাজমজিয়াত বিশাল প্ৰতিবাদী সমদল আৰু সভাৰে জিলা উপায়ুক্তৰ যোগেদি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰকপত্ৰ প্ৰেৰণৰ সিদ্ধান্তও গ্ৰহন কৰিছে৷

এইক্ষেত্ৰত বৃহস্পতিবাৰে আয়োজিত এক সংবাদমেলযোগে আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মনে বিটিএডি চুক্তিখন পুনৰীক্ষণ কৰি বিটিএডিত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ সম উন্নয়ন, সম অধিকাৰ দিয়াৰ দাবী উত্থাপন কৰে৷ তেওঁ বিটিএডিৰ ৭০ শতাংশ জনগোষ্ঠীক একাষৰীয়া কৰি একপক্ষীয়ভাৱে ইউটিচি গঠন কৰিলে পৰিস্থিতি অধিক উত্তপ্ত হ'ব বুলিও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকিয়াই দিয়ে৷

আনহাতে সংবাদমেলত আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে ইউটিচি গঠনৰ প্ৰক্ৰিয়াক লৈ বিটিএডিত সাধাৰণ ৰাইজ শংকিত হোৱা বুলি দোহাৰি জাতি-জনগোষ্ঠীৰ দল, সংগঠনৰ গনভোট অবিহনে চৰকাৰে একপক্ষীয়ভাৱে ইউটিচি গঠনৰ সিদ্ধান্ত ল'লে দল, সংগঠনবোৰ হাত সাৱটি বহি নাথাকে বৰঞ্চ জঙ্গী আন্দোলন গঢ়ি তোলা হ'ব বুলিও হুংকাৰ দিয়ে৷

ছাত্ৰনেতা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাৰীক আজি পৰ্যন্ত কৰায়ত্ত নকৰা কাৰ্যক চৰকাৰৰ গভীৰ ৰহস্য নিহিত হৈ থকা বুলিও তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বৰ্মনে৷ আজিৰ সাংবাদিকমেলত এবিএমছুৰ ভাৰপ্ৰাপ্ত সভাপতি আলি আজম শ্বেখ, জিলা সভাপতি জাইদুল ইছলাম,নাথযোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথ আৰু আছাৰ নেতা ছেলিম মিঞ্চও ইউটিচি গঠনৰ কুচকাৱাজক একেমুখে বিৰোধ কৰি বিটিচি চুক্তি পুনৰীক্ষণ কৰাৰ দাবী উত্থাপন কৰে৷ ইয়াৰ পিছতো ছাত্ৰ সংগঠন কেইটাৰ দাবী চৰকাৰে গুৰুত্ব নিদিলে প্ৰতিখন জিলা সদৰত অহা ১৪ ডিচেম্বৰত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট আৰু ২১ ডিচেম্বৰত ৰাজভৱন ঘেৰাও কাৰ্যসূচী হাতত ল'ব বুলি হুংকাৰ দিয়ে ছাত্ৰ সংগঠৰ যৌথ গোটটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in