বি টি আৰ চুক্তি গ্ৰহণযোগ্য নহয়, পুণৰাই পৃথক বড়োলেণ্ডৰ নামত সংগ্ৰাম! কোকৰাঝাৰত ছানচুমা খুংগুৰ বৈছুমুতিয়াৰীৰ সংবাদ মেল

বি টি আৰ চুক্তি গ্ৰহণযোগ্য নহয়, পুণৰাই পৃথক বড়োলেণ্ডৰ নামত সংগ্ৰাম! কোকৰাঝাৰত ছানচুমা খুংগুৰ বৈছুমুতিয়াৰীৰ সংবাদ মেল

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ যি সময়ত বি টি আৰ চুক্তিক লৈ বি টি এ ডিৰ বিভিন্ন অঞ্চলত আনন্দ উলাহ অব্যাহত আছে তেনে সময়তে বৃহস্পতিবাৰে বি টি আৰ চুক্তিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ছানচুমা খুংগুৰ বৈছুমুতিয়াৰীয়ে। কোকৰাঝাৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল আয়োজন কৰি প্ৰাক্তন সাংসদগৰীয়ে বিটিআৰ চুক্তি কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰীয়ে কোৱাৰ দৰে তৃতীয় বড়ো চুক্তি বিটিআৰে অন্তিম চুক্তি হ'ব নোৱাৰে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৰ বাবেই বৃহস্পতিবাৰে সমগ্ৰ বড়ো জাতি প্ৰতাৰিত হ'ল বুলি মন্তব্য কৰে প্ৰাক্তন সাংসদ ছানচুমা খুংগুৰ বৈছুমুতিয়াৰীয়ে।

বিটিআৰ চুক্তিৰ অসন্তুষ্টিৰ বাবেই অহা ৮ মাৰ্চত কোকৰাঝাৰত এক বিশেষ অভিৱৰ্তন আয়োজন কৰা হ'ব বুলি সদৰি কৰি প্ৰাক্তন সাংসদগৰাকীয়ে বি টি আৰ চুক্তি পুনৰীক্ষণৰ পোষকতা কৰিছে। কোকৰাঝাৰ চহৰৰ কদমতলাস্থিত নিৰ্ভানা উদ্যানত অনুষ্ঠিত হ'বলগীয়া উক্ত বিশেষ অভিৱৰ্তনত অংশগ্ৰহণ কৰিবলৈ এবছুৰ সকলো প্ৰাক্তন কৰ্মী, বড়ো বুদ্ধিজীৱি সকলক আহ্বান জনাইছে লোকসভা প্ৰাক্তন সাংসদ ছানচুমা খুংগুৰ বৈছুমুতিয়াৰীয়ে।

উক্ত অভিৱৰ্তনতে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ বাবে পুণৰাই সংগ্ৰাম আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনীয়তা প্ৰকাশ কৰিছে প্ৰাক্তন সাংসদ ছানচুমা খুংগুৰ বৈছুমুতিয়াৰীয়ে। উক্ত বিশেষ অভিৱৰ্তনৰ উদযাপন সমিতিৰ মুখ্য আহ্বায়ক হিচাপে প্ৰাক্তন সাংসদ বৈছুমুতিয়াৰীয়ে ইতিমধ্যে দায়িত্বভাৰ গ্ৰহণ কৰি চুক্তি স্বাক্ষৰকাৰী প্ৰমোদ বড়োক কঠোৰ ভাষাৰে সমালোচনা কৰি প্ৰতাৰক আখ্যা দিছে। তদুপৰি পৃথক বড়োলেণ্ডৰ নামত পুণৰাই সংগ্ৰাম আৰম্ভ কৰাৰ কুচকাৱাজক লৈ আন এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে প্ৰাক্তন সাংসদ ছানচুমা খুংগুৰ বৈছুমুতিয়াৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in