কোকৰাঝাৰত নিষ্ঠাৰ অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ সমাপ্ত, প্ৰশিক্ষাৰ্থীৰ পাৰদৰ্শিতা প্ৰদৰ্শন, হাতে লিখা আলোচনী “প্ৰয়াস”ৰ উন্মোচন

কোকৰাঝাৰত নিষ্ঠাৰ অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ সমাপ্ত, প্ৰশিক্ষাৰ্থীৰ পাৰদৰ্শিতা প্ৰদৰ্শন, হাতে লিখা আলোচনী “প্ৰয়াস”ৰ উন্মোচন

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত যোৱা ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ নেচনেল ইনিচিয়েটিভ ফৰ স্কুল হেডছ্ এণ্ড টিচাৰছ্ হলিষ্টিক এণ্ডভান্সমেণ্ট চমুকৈ নিষ্ঠাৰ ছদিনীয়া প্ৰশিক্ষণ সোমবাৰে সফলতাৰে সমাপ্ত হয়। প্ৰাথমিক, মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিকৰ প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষক সকলক লৈ কোকৰাঝাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত টেঙাপাৰা হাইস্কুল, তিতাগুৰী হাইস্কুল আৰু উত্তমাসেন বালিকা বিদ্যালয়ত আৰম্ভ হোৱা নিষ্ঠাৰ প্ৰশিক্ষণত মুঠ ৪২২ গৰাকী শিক্ষক -শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰে কোকৰাঝাৰৰ টেঙাপাৰা হাইস্কুলত অসমীয়া মাধ্যম বিদ্যালয়ৰ বিপৰীতে তিতাগুৰী হাইস্কুল আৰু উত্তমাসেন বালিকা বিদ্যালয়ত বড়ো মাধ্যম বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীসকলক লৈ যোৱা ১১ ফেব্ৰুৱাৰীৰ পৰা নিষ্ঠাৰ অন্তিম প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছিল।

টেঙাপাৰা হাইস্কুলত নিষ্ঠাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্তিম দিনৰ কাৰ্যসূচীত সোমবাৰে প্ৰশিক্ষাৰ্থীসকলে পোষ্ট প্ৰশিক্ষোত্তৰ জৰীপ সম্পন্ন কৰে। ইয়াৰ পিছতে প্ৰশিক্ষাৰ্থীসকলে বিভিন্ন কাৰ্যসূচীৰে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে। ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন, জনগোষ্ঠীয় নৃত্য -কলা প্ৰদৰ্শন, যোগাসন আদি প্ৰদৰ্শন কৰে প্ৰশিক্ষাৰ্থীসকলে। তদুপৰি নিষ্ঠাৰ অন্তিম দিনৰ কাৰ্যসূচীত প্ৰশিক্ষাৰ্থীসকলে হাতে লিখা আলোচনী "প্ৰয়াস" আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুখ্য সমল ব্যাক্তি ক্ৰমে দিব্যজ্যোতি ৰায়ে প্ৰশিক্ষণৰ অন্তত প্ৰতিজন প্ৰশিক্ষাৰ্থীকে নিষ্ঠাৰ মডুউল বিভাগীয়ভাৱে প্ৰদান কৰা হয়।

ইপিনে "নিষ্ঠা" প্ৰশিক্ষণৰ কাৰ্যসূচীত পোষ্ট -প্ৰশিক্ষণোত্তৰ জৰীপ সম্পন্ন হোৱাৰ পিছতে মুখ্য সমল ব্যাক্তি ক্ৰমে দিব্যজ্যোতি ৰায়, নৱকান্ত ৰায়, প্ৰদীপ সিং ঠাকুৰী, আদিত্য নাৰায়ন দেৱ আৰু খণ্ড সমল ব্যাক্তি শিপ্ৰা মজুমদাৰে প্ৰশিক্ষাৰ্থীসকলে সফলতাৰে প্ৰশিক্ষণ সমাপ্ত কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীত মুখ্য সমল ব্যাক্তিসকলে প্ৰদান কৰা প্ৰশিক্ষণে প্ৰশিক্ষাৰ্থীসকলক প্ৰভূত সহায় কৰিব বুলি প্ৰশিক্ষাৰ্থীসকলে মন্তব্য প্ৰকাশ কৰিছে। অৱশ্যে টেঙাপাৰা হাইস্কুলৰ লেতেৰা পৰিৱেশক লৈ প্ৰশিক্ষাৰ্থীসকলৰ প্ৰতিবেদনত অসন্তুষ্টি প্ৰকাশ কৰে। পুতি দূৰ্গন্ধময় শৌচালয়, পানীৰ অভাৱ আৰু লেতেৰা পৰিৱেশৰ মাজত ভৱিষ্যতে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত নকৰিবলৈ শিক্ষাৰ্থীসকলে আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in