প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু কোকৰাঝাৰৰ জাংখ্ৰিথাই পথাৰ, ৭ সহস্ৰাধিক স্বেচ্ছাসেৱকৰ দল সাজু-উথপথপ জাংখ্ৰিথাই পথাৰ, VIDEO

প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু কোকৰাঝাৰৰ জাংখ্ৰিথাই পথাৰ, ৭ সহস্ৰাধিক স্বেচ্ছাসেৱকৰ দল সাজু-উথপথপ জাংখ্ৰিথাই পথাৰ, VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ সমীপত থকা বিশাল জাংখ্ৰিথাই পথাৰত শুকুৰবাৰে অৰ্থ্যাৎ ৭ ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমনক লৈ ইতিমধ্যে মূল মঞ্চ, হেলিপেড আদিকে ধৰি সকলো প্ৰস্তুতি সম্পূৰ্ণ সাজু হৈ উঠিছে৷ প্ৰধানমন্ত্ৰীক আদৰিবলৈ কোকৰাঝাৰৰ জাংখ্ৰিথাই পথাৰত ইতিমধ্যে পাঁচ লক্ষাধিক লোকক সুকীয়া সুকীয়া আসনৰ ব্যৱস্থাৰে বহুতৰপীয়া গেটৰ ব্যৱস্থা তৈয়াৰ কৰা হৈছে।

লগতে সমগ্ৰ ৪৫ লাখ দৈৰ্ঘ্যৰ বৰ্গ কিলমিটাৰৰ বিশাল পথাৰখনত প্ৰধানমন্ত্ৰীৰ জনসভা শৃংখলাৱদ্ধতাৰে আগবঢ়াই নিবলৈ সষ্টম হৈ পৰিছে সাত সহস্ৰাধিক স্বেচ্ছাসেৱকৰ দল৷ তদুপৰি প্ৰধানমন্ত্ৰীক আদৰাৰ এই বিশাল প্ৰস্তুতিৰে জাংখ্ৰিথাই পথাৰৰ চৌপাশত যেন আজিৰে পৰা আৰম্ভ হৈছে উথপথপ পৰিবেশ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এছপিজিৰ উপৰিও অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনী, সেনা, চোৰাংচোৱা সংস্থাৰ বিষয়ববীয়া সকলৰ উপৰিও আৰক্ষী, নিৰাপত্তা বাহিনীৰ কেইবাগৰাকী উচ্চ পদস্থ শীৰ্ষ বিষয়াই উপস্থিত হৈ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰি আছে৷

মনকৰিৱলগীয়া এয়ে যে, ঐতিহাসিক বড়ো শান্তি চুক্তি বিটিআৰ চুুক্তি উপলক্ষে আয়োজন কৰা জাংখ্ৰিথাই পথাৰত প্ৰধানমন্ত্ৰীৰ জনসভাকলৈ কোকৰাঝাৰ চহৰৰ মাজমজিয়াও ৰং তুলিকাৰে সজাই পৰাই তোলাৰ লগতে বহুকইটা ৰাস্তা মেৰামতি কৰি ঠায়ে ঠায়ে তোৰণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদৰণি ফলকৰে সজাই তোলা হৈছে৷

ইপিনে ঐতিহাসিক বড়ো শান্তি চুক্তি সম্পাদনাৰ পিছত কোকৰাঝাৰৰ জাংখ্ৰিথাই পথাৰত প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতিৰে শুকুৰবাৰে হ'ব লগা জনসভাত বৃহস্পতিবাৰৰ পৰাই দূৰ দূৰণিৰ পৰা পাচঁ শতাধিক বাছেৰে ৰাইজক অনা হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in