অত্যাধুনিক এফ এছ ডব্লিউ বাহনেৰে কোকৰাঝাৰত ভেজাল খাদ্যৰ বিৰুদ্ধে অভিযান

 অত্যাধুনিক এফ এছ ডব্লিউ বাহনেৰে কোকৰাঝাৰত ভেজাল খাদ্যৰ বিৰুদ্ধে অভিযান

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰত মিঠাতেল, গাখীৰ, মাছ, মঙহ, কণীকে ধৰি বিভিন্ন ভেজাল খাদ্য সামগ্ৰীৰ বিৰুদ্ধে বিশেষ অভিযান আৰম্ভ কৰিছে খাদ্য সুৰক্ষা বিভাগে। বৃহস্পতিবাৰে অত্যাধুনিক এফ এছ ডব্লিউ (FSW) নামৰ গাড়ীখনৰে চহৰখনত ভেজাল খাদ্য সামগ্ৰীৰ পৰীক্ষা-নীৰিক্ষা চলায় বিভাগটোৱে।

লক্ষনীয় যে, ভেজাল খাদ্য সামগ্ৰীৰ পৰীক্ষা-নীৰিক্ষাৰ বাবে অত্যাধুনিক এফ.এচ.ডব্লিউ পৰীক্ষাগাৰ গাড়ীখনত ইতিমধ্যে কোকৰাঝাৰ চহৰৰ ১২ বিধ খাদ্যৰ নমুনা সংগ্ৰহ কৰে ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰৰ ৰসায়নবিদ(কেমিষ্ট) হলধৰ দাস আৰু সহকাৰী ৰসায়নবিদ অমিয় কুমাৰ পাঠকে৷

ৰসায়নবিদ অমিয় কুুুুমাৰ পাঠকে সংবাদ মাধ্যমক জনায় যে, পৰীক্ষাগাৰত কোকৰাঝাৰত মাছৰ নমুনাত প্ৰাথমিক পৰ্যায়ত বৰবিহ ফৰ্মেলিন থকাতো ধৰা পৰাৰ লগতে গাখীৰত ৫০% শতাংশ ভেজাল ধৰা পৰিছে৷ দলটিয়ে কাইলৈ গোসাঁইগাঁও মহকুমাতো ভেজাল খাদ্যৰ নমুনা সংগ্ৰহ কৰিব বুলি জনায়৷

ইফালে কোকৰাঝাৰৰ খাদ্য সুৰক্ষা আৰু যোগান বিভাগৰ বিষয়া বিলিফাং বসুমতাৰীয়ে এফ এচ ডব্লিউ দলটিৰ অনুসন্ধানত সহযোগ কৰি কোকৰাঝাৰ চহৰৰ বজাৰত পশ্চিমবংগ আৰু অন্ধপ্ৰদেশৰ পৰা অহা চালানী ৰৌ, কাতলা, ইলিচ, ৰূপচান্দাত ফৰ্মেলিন যুক্ত বৰবিহ পোৱা বুলি দাবী কৰাৰ লগতে গাখীৰৰ নমুনা সংগ্ৰহ কৰি ভেজাল পোৱা বুলি স্পষ্ট কৰি দিয়ে৷

তেওঁ যোৱা ১৮ ছেপ্টেম্বৰ পৰা ২২ ছেপ্টেম্বৰলৈ চলিব লগা অভিযানকালত চালানী মাছ, গাখীৰৰ উপৰি মিঠাতেল, দাইল, মিঠাই, পনীৰকে ধৰি ২০ বিধ খাদ্য সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা নিৰীক্ষা অব্যাহত ৰখা বুলিও জনাইছে৷ এইক্ষেত্ৰত পৰীক্ষাৰ অন্তত অচিৰেই কোকৰাঝাৰ জিলাত ভেজাল খাদ্য বিক্ৰী কৰা ধুৰন্ধৰ ব্যৱসায়ী সকলৰ বিৰুদ্ধে কঠোৰ আইনী প্ৰক্ৰিয়াৰে বিহিত ব্যৱস্থা লোৱাৰ হুংকাৰ দিছে৷

ধনঞ্জয় নাথ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in