কোকৰাঝাৰত বেদখলকাৰীক প্ৰতিহিত কৰিবলৈ শূন্যলৈ গুলীচালনা…

কোকৰাঝাৰত বেদখলকাৰীক প্ৰতিহিত কৰিবলৈ শূন্যলৈ গুলীচালনা…

ডিজিটেল সংবাদ, কোকৰাঝাৰ: ভাৰত-ভূটান সীমান্তৰ সৰলপাৰাত উৰুকাৰ দিনাই এক ভয়ংকৰ পৰিৱেশৰ সূচনা হয়। শ শ বন বেদখলকাৰীক ছত্ৰভংগ দিয়াবলৈ বনৰক্ষীয়ে শুন্যলৈ ৫০ জাঁইতকৈ অধিক গুলীচালনা কৰিবলগীয়া হয় । বনাঞ্চলৰ মাটি বেদখলকাৰী আৰু বনকৰ্মীৰ সংঘাতৰ ফলত ভাৰত-ভূটান সীমান্তত এক যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হয় । আৰক্ষী , এচএচবি , চিআৰপিএফৰ বিশাল বাহিনী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

প্ৰাপ্ত বাতৰি অনুসৰি মঙলবাৰৰ পৰাই ভাৰত-ভূটান সীমান্তৰ সৰলপাৰাত ভিন ভিন প্ৰান্তৰ একাংশ লোকে বনাঞ্চলৰ মাটি বেদখল কৰাৰ বাবে টালি -টোপোলা সহিতে উপস্থিত হয় । ইয়াৰে একাংশ লোক ভাড়া গাড়ীৰে আৰু আন একাংশ লোকে নিজ নিজ বাহনেৰে সৰলপাৰাত উপস্থিত হৈ অস্থায়ীভাৱে তাৰে স্থানীয় লোকৰ ঘৰত থাকে । শ শ লোকে বনাঞ্চলৰ মাটি বেদখল কৰিব বুলি বনবিভাগৰ লোকে আগতীয়া তথ্য লাভ কৰি বেদখলকাৰীক প্ৰতিহিত কৰিবলৈ বুধবাৰে ৰাতিপুৱাৰে পৰা সষ্টম হৈ পৰে ।

শ শ লোকে সৰলপাৰা গৰাইবাজাৰ অঞ্চলত বনাঞ্চলৰ মাটি বেদখল কৰিবলৈ উপক্ৰম হোৱাত বনকৰ্মীৰ সতে সংঘাতময় পৰিৱেশৰ সৃষ্টি হয় । বনবিভাগে ২০-২৫ জন লোকক আটক কৰাৰ পিছতে পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে আৰু বেদখলকাৰী সকলে বনকৰ্মী-বনৰক্ষীৰ ওপৰত জপিয়াই পৰে । বনবিভাগৰ এখন বলেৰো' পিকআপ ভেন দুৰ্ষ্কৃতিকাৰীয়ে ভাঙি চুৰ্ণ -বিচুৰ্ণ কৰাৰ লগতে দুৰ্ষ্কৃতিকাৰীৰ আক্ৰমনত ছয়জন বনকৰ্মী আহত হয় । ইয়াৰ পিছতেই শ শ বন বেদখলকাৰীক ছত্ৰভংগ দিয়াবলৈ বনৰক্ষীয়ে শুন্যলৈ ৫০ জাঁইতকৈ অধিক গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় ।

বেদখলকাৰী আৰু বনবিভাগৰ মাজত এনে সংঘাতময় পৰিৱেশৰ সুযোগ লৈ বনবিভাগৰ হাতত আটক হোৱা ২০-২৫ জন বেদখলকাৰী গাড়ীৰ পৰা জাপ মাৰি পলায়ন কৰে । ঘটনাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষী , এচএচবি , চিআৰপিএফৰ বিশাল বাহিনী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এজন লোকক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে কেবাখনো মটৰচাইকেল , চাইকেল জব্দ কৰিবলৈ সক্ষম হৈছে ।

উক্ত ঘটনাৰ পিছত কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনন্দ বসুমতাৰীয়ে ঘটনাস্থলীৰ পৰা এজনক আটক কৰাৰ কথা সদৰি কৰি ভিন ভিন স্থানৰ বহুসংখ্যক লোকে বেদখল কৰিবলৈ আহিছিল বুলি মন্তব্য কৰে । চৰকাৰীভাৱে কাকো মাটি আৱণ্টন দিয়া হোৱা নাই বুলি সদৰি কৰি কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনন্দ বসুমতাৰীয়ে বনাঞ্চল বেদখল কৰিবলৈ অহাৰ পিছতে সংঘাতময় পৰিৱেশৰ সৃষ্টি হয় বুলি মন্তব্য কৰিছে ।

আনহাতে ৰেঞ্জাৰ শচীন্দ্ৰ দাসে কয় যে- বেদখলকাৰীসকলে বনাঞ্চলৰ মাটি বেদখল কৰিবলৈ অহাৰ পৰিণতিতে সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু যাৰ পৰিণতিতে শুন্যলৈ গুলীচালনা কৰিবলগীয়া হয় । বেদখলকাৰীসকলে নায়েকগাঁও ৰেঞ্জৰ এখন বলেৰো পিকআপ ভেনৰ ক্ষতিসাধন কৰে । বিটিচি নিৰ্বাচনৰ পূৰ্বেও বেদখলকাৰীয়ে বনাঞ্চলৰ মাটি বেদখল কৰাৰ চেষ্ঠা কৰিছিল আৰু সেইবাৰ ১৮ জন বেদখলকাৰীক কৰায়ত্ব কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰা হৈছিল বুলি মন্তব্য কৰিছে ৰেঞ্জাৰ শচীন্দ্ৰ দাসে ।

ইপিনে, কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে দুৰ্ষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হব আৰু আইন হাতত তুলি লোৱা কোনো লোকে সাৰি নাযায় বুলি মন্তব্য কৰি ঘটনাৰে জড়িত সকলোকে কৰায়ত্ব কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । উৰুকাৰ উখল মাখল পৰিৱেশৰ মাজতেই ভাৰত ভূটান সীমান্তৰ সৰলপাৰাত সংঘটিত হোৱা উক্ত ঘটনাই সৰলপাৰাত উৰুকাৰ পৰিৱেশ ম্লান কৰি তুলিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in