/asomiyapratidin/media/media_files/2025/09/08/feroikjhghfgfg-2025-09-08-21-10-53.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মুন্নাভাইৰূপী এমবিবিএছ চিকিৎসকক। ধৃত মুন্নাভাই এমবিবিএছৰূপী চিকিৎসকটো বঙাইগাঁও জিলাৰ অভয়াপুৰী মহকুমাৰ ভাটিয়াপাৰা গাঁৱৰ আনিছুৰ ৰহমান বুলি জানিব পৰা গৈছে।
কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আজিজা গুলেনুৰে সোমবাৰে এক সংবাদমেলত সদৰি কৰে যে, নিদিষ্ট অভিযোগৰ ভিত্তিত ভূৱা এমবিবিএছ আনিছুৰ ৰহমানক আৰক্ষীয়ে আটক কৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনৰ ৰাষ্ট্ৰীয় মোবাইল ইউনিটত যোৱা ১ ছেপ্তেম্বৰৰ দিনা আনিছুৰ ৰহমানে এমবিবিএছৰ ভূৱা প্ৰমাণপত্ৰৰে আবেদন কৰি কৰ্মত যোগদান কৰিছিল। ৬ ছেপ্টেম্বৰৰ দিনা আনিছুৰ ৰহমানৰ বিৰুদ্ধে আৰক্ষীয়ে এক অভিযোগ পত্ৰ লাভ কৰে ৷ এই অভিযোগৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে আনিছুৰ ৰহমানৰ ওপৰত চোকা দৃষ্টি ৰাখি তদন্ত আৰম্ভ কৰিছিল ৷
বালাজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ তথা বালাজান সামুহিক চিকিৎসালয়ৰ এলেকাধীন তিতাগুৰীত ৰাষ্ট্ৰীয় মোবাইল ইউনিটে এক স্বাস্থ্য শিবিৰ আয়োজন কৰিছিল। উক্ত স্বাস্থ্য শিবিৰতে কৰ্তব্যৰত অৱস্থাত থকা আনিছুৰ ৰহমানক আৰক্ষীয়ে সোধপোছৰ বাবে দেওবাৰে কোকৰাঝাৰ সদৰ থানালৈ লৈ আহে আৰু সোধপোছৰ অন্তত ভূৱা এমবিবিএছ ডিগ্ৰীধাৰী আনিছুৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে কোকৰাঝাৰ সদৰ থানাত এক গোচৰ (নং ২১৬/২৫) ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ অধীনৰ ৩১৯(২) / ৩১৬ (২)/৩৩৬(২)/১২৫/২৭১ ধাৰাত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।
ইফালে, ধৃত আনিছুৰ ৰহমানে নিজকে হোমিঅ'পেথি চিকিৎসক বুলি দাবী কৰি হোমিঅ'পেথিৰ চাৰ্টিফিকেটখনকে কৌশলেৰে এমবিবিএছৰ প্ৰমাণপত্ৰ বনাই নিজকে এমবিবিএছ চিকিৎসকৰ ৰূপত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত যোগদান কৰিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰদান কৰিছে।