আৰক্ষীৰে সংঘৰ্ষত নিহত দুজন ইউ এল বিৰ সদস্যঃ পৰিয়ালৰ দাবী ভুৱা এনকাউণ্টাৰ

আৰক্ষীৰে সংঘৰ্ষত নিহত দুজন ইউ এল বিৰ সদস্যঃ পৰিয়ালৰ দাবী ভুৱা এনকাউণ্টাৰ

ডিজিটেল সংবাদ কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ ভাৰত -ভূটান সীমান্তবৰ্তী এলেকাৰ লুংছুঙত শুক্ৰবাৰে শেষ নিশা আৰক্ষীৰে সতে হোৱা সংঘৰ্ষত দুগৰাকী সন্দেহযুক্ত ইউ এল বি সদস্য নিহত হোৱা ঘটনাক কেন্দ্ৰ কৰি জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ সতে হোৱা সংঘৰ্ষত নিহত হোৱা যুৱকদ্বয়ক টিপকাইৰ জনক ব্ৰহ্ম আৰু পাটগাঁওৰ জৌংসাৰ মুছাহাৰী বুলি জানিব পৰা গৈছে ।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুটা পিষ্টল , কেবাজাঁই গুলী , আঠটা হেণ্ডগ্ৰেণেড,কম্বল, প্লাষ্টিক, খাদ্যসামগ্ৰী আৰু আন বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে। কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা এক সংবাদমেলত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে বিস্তাৰিত বিৱৰণ দি কয় যে, কিছুদিনৰ পৰা কোকৰাঝাৰৰ উত্তৰাঞ্চলত এক বিশেষ চক্ৰই ধনদাবীৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল আৰু আৰক্ষীয়ে জানিবলৈ পাইছিল।

শুক্ৰবাৰে আৰক্ষীয়ে বিশেষ সূত্ৰে লাভ কৰা খবৰ অনুসৰি ধনদাবীৰে সন্ত্ৰাসৰ সৃষ্টি কৰা এই দুৰ্ষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ ঘাইপথত তালাচী চলাইছিল । তালাচীকালত আৰক্ষীৰ বেহু ভাঙি দুজন যুৱক পলায়ন কৰিবলৈ সক্ষম হয় যদিও উক্ত যুৱকদুজন আফলাগাঁওত দূৰ্ঘটনাত পতিত হয় । স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে দুৰ্ষ্কৃতিকাৰীদ্বয়ক কৰায়ত্ব কৰে আৰু তেওঁলোকৰ পৰা পিষ্টল , দা জব্দ কৰে।

স্থানীয় ৰাইজে কৰায়ত্ব হোৱা যুৱক দুগৰাকীয়েই তেওঁলোকৰ পৰা ধনদাবী কৰিছিল বুলি চিনাক্ত কৰে আৰু যুৱকদুজনৰ পৰা আৰক্ষীয়ে ১৮ হাজাৰ টকাও জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সেৰফাংগুৰী থানাত এক গোচৰো ৰজু কৰে । সেৰফাংগুৰী থানাত আটকাধীন য়ুৱক দুজনক অধিক সোধপোছ কৰাত দুয়োয়ে তেওঁলোক নৱগঠিত ইউ এল বি নামৰ সংগঠনটোৰ সদস্য বুলি পৰিচয় দিয়ে আৰু নৱগঠিত ইউ এল বি নামৰ সংগঠনটোৰ আন সদস্যসকলৰ বিষয়েও আৰক্ষীক অৱগত কৰে।

আৰক্ষীৰ জেৰাত উল্টাপানী এলেকাত তেওঁলোকৰ এটা অস্থায়ী কেম্প আছে বুলি স্বীকাৰ কৰাত নিশাই আৰক্ষীয়ে তেওঁলোকক লগত লৈ উল্টাপানী বনাঞ্চললৈ যায় । ধৃতদ্বয়ক লৈ আৰক্ষীয়ে গভীৰ অৰণ্য লৈ উগ্ৰপন্থীৰ কেম্পৰ সন্ধানত যোৱাত আৰক্ষীৰ দলটোলৈ লক্ষ্য কৰি বিপৰীত দিশৰ পৰা দুৰ্ষ্কৃতিকাৰীয়ে ধাৰাষাৰ গুলীচালনা কৰে আৰু সেই সুযোগতে ধৃতদ্বয় পলায়ন কৰে। দুয়োপক্ষৰ মাজত কমেও ৩০ মিনিট ধৰি গুলীচালনা সংঘটিত হয় আৰু পৰিৱেশ শান্ত হৈ পৰাত আৰক্ষীয়ে অঞ্চলটোত তালাচী চলোৱাত গুৰুতৰভাৱে আহত অৱস্থাত দুজন যুৱকক উদ্ধাৰ কৰে।

আহত যুৱকদ্বয়ক আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । পিছত সংঘৰ্ষত নিহত যুৱকদ্বয়ক টিপকাইৰ জনক ব্ৰহ্ম আৰু পাটগাঁওৰ জৌংসাৰ মুছাহাৰী বুলি চিনাক্ত কৰা হয় । নিহত যুৱক দুগৰাকী পূৰ্বতে এনডিএফবিৰ সদস্য আছিল আৰু তেওঁলোক ম্যানমাৰত প্ৰশিক্ষণ লৈছিল বুলি সংবাদমেলত সদৰি কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে।

তদুপৰি অভিযানকালত নৱগঠিত ইউ এল বিৰ অস্থায়ী কেম্পটোও ধ্বংস কৰে আৰক্ষীয়ে।কোকৰাঝাৰ জিলাত ৭-৮ গৰাকী ইউ এল বি কেডাৰ- সমৰ্থক আছে আৰু নিহতদ্বয়ৰ কল ৰেকৰ্ডৰ পৰা বহু তথ্য লাভ কৰা হৈছে বুলি সদৰি কৰি সকলোৰে বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰিছে সুৰজিৎ সিং পানেছাৰে ।

ইপিনে পাটগাঁওৰ জৌংসাৰ মুছাহাৰীৰ পৰিয়ালে ঘটনাটোক সম্পূৰ্ণৰূপে ভুৱা এনকাউণ্টাৰ বুলি দাবী কৰিছে। তেওঁলোক ইউ এল বিৰ সদস্য নাছিল বুলি দাবী কৰি পৰিয়ালৰ লোকে কয় যে যোৱা ১৬ ছেপ্টেম্বৰত তেওঁলোক ঘৰৰ পৰা ওলাই গৈছিল। শুক্ৰবাৰে অৰ্থাৎ ১৭ ছেপ্টেম্বৰত তেওঁলোক আফলাগাঁৱত এক দুৰ্ঘটনাত পতিত হয় আৰু ভৰিত আঘাতপ্ৰাপ্ত হয় ।

দুৰ্ঘটনাৰ পিছত গাঁৱৰ মানুহে আৰক্ষীক অৱগত কৰে আৰু ছেৰফাংগুৰী আৰক্ষীয়ে তেওঁলোকক আটক কৰি থানালৈ নিয়ে । থানাত লৈ যোৱাৰ পিছত পৰিয়ালৰ সতে কথা পতাৰ পিছত নিশাই কেনেদৰে এনকাউণ্টাৰ হ'ল সেই সন্দৰ্ভত পৰিয়ালে আশ্চৰ্য প্ৰকাশ কৰে। অৱশ্যে আৰক্ষীয়ে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা যুৱকদুজন নৱগঠিত ইউ এল বিৰ সদস্য বুলি একাংশই তেওঁলোকক জনোৱা বুলি পৰিয়ালৰ লোকক অৱগত কৰিছিল।

পূৰ্বতে জৌংসাৰ মুছাহাৰী এন ডি এফ বিৰ সদস্য আছিল যদিও বহুদিন পূৰ্বেই আত্মসমৰ্পন কৰি সাধাৰণভাৱে চলিছিল বুলি মন্তব্য কৰিছে পৰিয়ালৰ লোকে। মাত্ৰ ১৫ দিন পূৰ্বে জৌংসাৰ মুছাহাৰী কণ্যা সন্তানৰ পিতৃত্ব অৰ্জন কৰিছিল আৰু ১৬ ছেপ্টেম্বৰৰ দিনাখন ওলাই গৈ ১৮ চেপ্টেম্বৰত দুৰ্ঘটনাত পতিত হোৱাৰ পিছত শুক্ৰবাৰে আৰক্ষীৰে সংঘৰ্ষত কিদৰে মৃত্যু হ'ল তাকে লৈ হতচকিত হৈ পৰিছে পৰিয়ালটো।

এয়া সম্পূৰ্ণৰূপে ভুৱা এনকাউণ্টাৰ বুলি দাবী কৰি পৰিয়ালৰ লোকে ন্যায় প্ৰদান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।উল্লেখ্য যে দুদিন পূৰ্বে ইউ এল বিয়ে আত্মপ্ৰকাশ কৰিয়ে চৰকাৰক ভাবুকি দিছিল আৰু শুক্ৰবাৰে ইউ এল বিৰ দুগৰাকীকৈ সন্দেহযুক্ত সদস্যই আৰক্ষীৰে সংঘৰ্ষত নিহত হোৱা ঘটনাই জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in