কোকৰাঝাৰত ভোটকেন্দ্ৰলৈ যাত্ৰা আৰম্ভ প্ৰিজাইডিং বিষয়া, প’লিং বিষয়াৰ

কোকৰাঝাৰত ভোটকেন্দ্ৰলৈ যাত্ৰা আৰম্ভ প্ৰিজাইডিং বিষয়া, প’লিং বিষয়াৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ২৩ এপ্ৰিলত অনুষ্ঠিত হব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া। এই উপলক্ষে সোমবাৰে কোকৰাঝাৰ ৩০নং জনজাতি (পূৱ) সমষ্টিৰ ২৪৫টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ভিভিপেড, ইভিএম, কণ্ট্ৰ'ল ইউনিট লৈ যাত্ৰা আৰম্ভ কৰিছে। কোকৰাঝাৰ ৩০নং জনজাতি (পূৱ) সমষ্টিৰ ২৪৫টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ১৩৮টা স্পৰ্শকাতৰ ভোটকেন্দ্ৰ, ৩৬টা হ'ল অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰ আৰু সুৰক্ষিত ভোটকেন্দ্ৰৰ সংখ্যা হ'ল ৬৭টা।

কোকৰাঝাৰ ৩০ নং জনজাতি (পূৱ) সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ'ল ১৮০৭৮৩ গৰাকী। যত পুৰুষ ভোটাৰ ৮৯২৬৯ গৰাকী আৰু মহিলা ভোটাৰ ৯১৫১৪ গৰাকী আছে। উল্লেখ্য যে, সমষ্টিটোত নিয়াৰিকৈ ভোটদান সম্পন্ন কৰিবলৈ প্ৰশাসনে ৪টা অৰ্ধসামৰিক বাহিনী, ২৪৫ জন কনিষ্টবল আৰু ১৯২ জন হোমগাৰ্ড নিয়োগ কৰিছে।

প্ৰণিধানযোগ্য যে, কোকৰাঝাৰ লোকসভা সনষ্টিটো ১০টা বিধানসভা সমষ্টি ক্ৰমে- ২৮নং গোসাঁইগাঁও, ২৯নং কোকৰাঝাৰ (পশ্চিম), ৩০নং কোকৰাঝাৰ (পূৱ), ৩১নং চিদলী, ৩৩নং বিজনী, ৪০নং সৰভোগ, ৪১নং ভৱানীপুৰ, ৫৮নং তামোলপুৰ, ৬২নং বৰমা আৰু ৬৩নং চাপাগুৰী বিধানসভা সমষ্টিৰে গঠিত। যত সৰ্বমুঠ ভোটাৰৰ সংখ্যা হ'ল- ১৭৬৫৪১১ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৯০০২৮৫ গৰাকী, মহিলা ৮৬৫১২৬ গৰাকী। আনহাতে, ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিত ২৩৪৭টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। সমষ্টিটোত চাৰ্ভিছ ভোটাৰৰ সংখ্যা হ'ল- ১০৭২০ গৰাকী আৰু দিব্যাংগ ভোটাৰৰ সংখ্যা হ'ল ২৫৫৬ গৰাকী।

ইপিনে জিলা ৰিটাৰ্ণিং বিষয়াই ৮০৪নং ৰূপনাথ ব্ৰহ্ম ভোটগ্ৰহণ কেন্দ্ৰটো সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হব বুলি সদৰি কৰিছে। জিলাখনৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত চিচি কেমেৰা লগোৱা হৈছে আৰু ৬টা কেন্দ্ৰত মাইক্ৰ' অবজাৰভাৰ নিয়োগ কৰা হৈছে বুলি সদৰি কৰিছে ৰিটাৰ্ণিং বিষয়াই।

তদুপৰি মোবাইল নেটৱৰ্ক নথকা কেন্দ্ৰৰ বাবে আৰক্ষীৰ হাতত তিনিটা ছেটেলাইট ফোন মজুত থকাৰ কথা সদৰি কৰি কোকৰাঝাৰ জিলাত ১৩ কোম্পানী অৰ্ধসামৰিক বাহিনী, পৰ্যাপ্ত নিৰাপত্তাৰক্ষী, চেক্টৰ বিষয়া নিয়োগ কৰা হৈছে বুলি সদৰি কৰি ৰাইজক মুকলি মনেৰে ওলাই আহি ভোটদান কৰিবলৈ আহ্বান জনাইছে ৰিটাৰ্ণিং বিষয়া পাৰ্থ প্ৰতিম মজুমদাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in