কোকৰাঝাৰত গৌৰাং নদীত ডুবি ছাত্ৰৰ মৃত্যু, এছডিআৰএফে উদ্ধাৰ কৰিলে মৃতদেহ, বেবীলেণ্ড বিদ্যালয়ত শোকৰ ছাঁ, VIDEO

কোকৰাঝাৰত গৌৰাং নদীত ডুবি ছাত্ৰৰ মৃত্যু, এছডিআৰএফে উদ্ধাৰ কৰিলে মৃতদেহ, বেবীলেণ্ড বিদ্যালয়ত শোকৰ ছাঁ, VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিদ্যালয়ত শিশু দিৱস উদযাপন কৰাৰ পিছত সমনীয়াৰ সৈতে গৌৰাং নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা কোকৰাঝাৰ বেবীলেণ্ড হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ শান্তনু ৰাভা(১২)ৰ নিথৰ দেহ শুকুৰবাৰে এছডিআৰএফে অভিযান চলাই গৌৰাং নদীৰ পানী যুৱলীৰ পৰা উদ্ধাৰ কৰে।

উল্লেখ্য যে, গোৱালপাৰা জিলা নিৱাসী চাৰুমোহন ৰাভা আৰু কোকিলা ৰাভাৰ সন্তান শান্তনু ৰাভাই কোকৰাঝাৰস্থিত ককায়েকৰ ঘৰত থাকি বেবীলেণ্ড হাইস্কুলত অধ্যায়ন কৰি আছিল। বৃহস্পতিবাৰৰ দিনা শিশু দিৱস উপলক্ষে শান্তনু ৰাভাই বিদ্যালয়ত আন সমনীয়াৰ সৈতে শিশু দিৱস উদযাপন কৰি সমনীয়াৰ সতে গা ধুবলৈ গৌৰাং নদীলৈ যায়।

সমনীয়াৰ সৈতে গা ধুই থাকোতেই শান্তনু ৰাভা পানীত ডুব যায় আৰু সন্ধানহীন হৈ পৰে। পিছত সমনীয়াসকলে ঘূৰি আহি অভিভাৱকক জনোৱাত অভিভাৱকসকলে বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে আৰু বিদ্যালয় কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনক অৱগত কৰে।

বৃহস্পতিবাৰৰে পৰা এছডিআৰএফ বাহিনীয়ে নিৰবচ্ছিন্ন অভিযান চলাই শুকুৰবাৰে পুৱা ১০:১০ বজাত শান্তনু ৰাভাৰ নিথৰ দেহ গৌৰাং নদীৰ পানী যুৱলীৰ পৰা উদ্ধাৰ কৰে। মেধাৱী ছাত্ৰ শান্তনু ৰাভাৰ অকাল মৃত্যুত বেবীলেণ্ড হাইস্কুলত শোকৰ ছাঁ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in