কোকৰাঝাৰত আমছুৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট, প্ৰতীক হাজেলা গ’ বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ

কোকৰাঝাৰত আমছুৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট, প্ৰতীক হাজেলা গ’ বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ এনআৰচিৰ পুণৰ শুনানিৰ নামত সংখ্যালঘু জনতাক হাৰাশাস্তি বন্ধ কৰা, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আখৰে আখৰে পালন কৰা, এন আৰ চিৰ শুনানীলৈ যোৱাৰ সময়ত পথ দুৰ্ঘটনাত নিহত হোৱা সকলৰ নিকটাত্মীয়ক দহ লাখ টকালৈ আৰু আহত সকলক বিনামূলীয়া চিকিৎসাৰ লগতে ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ দাবীকে ধৰি আন কেবাটাও দাবীৰ সমৰ্থনত শুকুৰবাৰে ৰাজ্যজুৰি আমছুৱে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

সেইমৰ্মে কোকৰাঝাৰ জিলা আমছুৰ উদ্যোগত কোকৰাঝাৰ সদৰ চহৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত শুকুৰবাৰে আমছুৱে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। কোকৰাঝাৰ শিশু উদ্যানত পুৱা দহ বজাৰ পৰা বাৰ বজাৰলৈকে অনুষ্ঠিত হোৱা দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত শতাধিক আমছুৰ সদস্যই হাতে হাতে বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড লৈ এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা গ' বেক, আমছু জিন্দাবাদ, এন আৰ চিৰ পুণৰ শুনানিৰ নামত সংখ্যালঘু ৰাইজক হাৰাশাস্তি বন্ধ কৰক আদি ধ্বনিৰে সদৰ চহৰৰ আকাশ বতাহ কঁপাই তোলে।

ধৰ্মঘট অনুষ্ঠানত আমছুৰ নেতা-কৰ্মীয়ে শুনানিৰ তাৰিখ, স্থান উল্লেখ নকৰাকৈ শুনানিৰ জাননী বন্ধ কৰা, ৩০০-৪০০ কিঃমিঃ দুৰত্বত শুনানি অনুষ্ঠিত বন্ধ কৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি নিকটবৰ্তী স্থানত পুণৰ শুনানি অনুষ্ঠিত কৰা, এনআৰচিৰ শুনানিলৈ যোৱাৰ সময়ত পথ দুৰ্ঘটনাত নিহত পৰিয়ালৰ নিকটাত্মীয়ক ১০ লাখ আৰু আহত পৰিয়ালক বিনামূলীয়া চিকিৎসাৰ লগতে ৫ লাখ টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদানৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে। তদুপৰি সংগঠনটোৱে নিজ দাবীৰ সমৰ্থনত কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জৰিয়তে এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in