কোকৰাঝাৰ ভোটগাঁওত ৩ দিনীয়া মৌ-মাখি পালনৰ প্ৰশিক্ষণ শিৱিৰৰ সমাপ্ত

কোকৰাঝাৰ ভোটগাঁওত ৩ দিনীয়া মৌ-মাখি পালনৰ প্ৰশিক্ষণ শিৱিৰৰ সমাপ্ত

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী ভোটগাঁওস্থিত ১২৯ নং চি আৰ পি এফ কেম্পত আয়োজিত তিনিদিনীয়া মৌ-মাখি পালনৰ প্ৰশিক্ষণ শিৱিৰৰ আজি সামৰণি পৰে । স্থানীয় শিক্ষিত নিবনুৱা যুৱকসকলৰ স্বাৱলম্বিতাৰ বাট মোকলাবলৈ চিএপি আঁচনিৰ অধীনত চিআৰপিএফে আয়োজন কৰা প্ৰশিক্ষণ শিৱিৰৰ আজি অন্তিম দিনা দহগৰাকী প্ৰশিক্ষাৰ্থীলৈ প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰৰ লগতে মৌ-মাখি পালনৰ সা-সঁজুলি বিতৰণ কৰে ১২৯ নং চি আৰ পি এফৰ মহাপৰিদৰ্শক প্ৰকাশ ডি. য়ে ।

চি আৰ পি এফ ৰ  চিভিক এক্সন প্ৰগ্ৰাম (চি এ পি) আঁচনিৰ আধাৰত অনুষ্ঠিত প্ৰশিক্ষণ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মৌ-মাখি পালনৰ জৰিয়তে সাৱলম্বিতা আৰু সম্ভাৱনীয়তাৰ বিষয়ে বিস্তৃত বাখ্যা আগবঢ়ায় মহাপৰিদৰ্শক প্ৰকাশ ডি. য়ে । ইপিনে ভোটগাঁওতস্থিত ১২৯ নং চি আৰ পি এফৰ কামাডেণ্ট ই. ৰমেশে শিক্ষিত নিবনুৱা যুৱক- যুৱতী সকল স্বাৱলম্বী হোৱাৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ চিএপি আঁচনিৰ জৰিয়তে সময়ে সময়ে প্ৰদান কৰা হয় বুলি সদৰী কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in