অভিভাৱক সকল সাৱধান হওঁক! খুচুৰা পইচা খাই তিনি বছৰীয়া শিশুৰ কৰুণ মৃত্যু…

অভিভাৱক সকল সাৱধান হওঁক! খুচুৰা পইচা খাই তিনি বছৰীয়া শিশুৰ কৰুণ মৃত্যু…

ডিজিটেল ডেস্কঃ কেৰালাৰ অলুৱা চহৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এটা মুদ্ৰা খোৱাৰ ফলত এগৰাকী তিনিবছৰীয়া শিশু মৃত্যু হোৱা ঘটনাই চহৰখনত শোকৰ ছাঁ পেলাইছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, তিনিবছৰীয়া শিশুটোৱে খুচুৰা পইচা সৈতে খেলি থকাৰ সময়তে এটা মুদ্ৰা মুখত ভৰাই গিলি দিয়ে।

লগে লগে শিশুটিক হাস্পতালত ভৰ্তি কৰাবলৈ লৈ গৈছিল যদিও কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে হাস্পতালৰ কৰ্তৃপক্ষই চিকিতসা প্ৰদানত বিলম্ব কৰাৰ বাবেই মৃত্যু হয় বুলি পৰিয়ালৰ লোকসকলে অভিযোগ কৰিছে। উল্লেখ্য যে, এই ঘটনাক লৈ শেহতীয়াকৈ কেৰালাৰ স্বাস্থ্যমন্ত্ৰী শোকব্যক্ত কৰাৰ লগতে সমগ্ৰ ঘটনাৰ ওপৰত তদন্ত ঘোষণা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in