নাগৰকিত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ

নাগৰকিত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ

ডিজিটেল ডেস্কঃ মহানগৰীৰ দীঘলীপুখুৰী পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

এই প্ৰতিবাদত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষক মুক্তিৰ সমৰ্থকসকলে অংশ লয়। কৃষক নেতা অখিল গগৈয়ে এই বিধেয়কখনক লৈ ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে কৰা ল'ৰা-ধেমালিক চোকা ভাষাৰে সমালোচনা কৰে।

ইফালে, কৃষক মুক্তিৰ সমৰ্থকসকলে ইয়াৰ বিৰুদ্ধে দীঘলীপুখুৰীপাৰৰ পৰা কামৰূপ মেট্ৰ'ৰ উপায়ুক্তৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদলো বাহিৰ কৰে।

এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি অখিল গগৈয়ে কয়- বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কথা অমিত শ্বাহে কৈছিল যদিও, সেই বৈঠকত থকা অসমৰ কোনো এজন বিজেপি নেতাই ইয়াৰ বিৰোধিতা নকৰিলে।

এই কাৰ্যনিৰ্বাহকত উপস্থিত আছিল খোদ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীৰ এনে স্থিতিকো সমালোচনা কৰে অখিল গগৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in