৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম…

৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম…

ডিজিটেল ডেস্কঃ ৩০ ছেপ্টেম্বৰত কৃষক মুক্তিয়ে ঘোষণা কৰিব তেওঁলোকৰ প্ৰস্তাৱিত আঞ্চলিক ৰাজনৈতিক দলৰ নাম। মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তি কাৰ্যালয়ত এই সন্দৰ্ভত ৭০ সংগঠনৰ নেতৃত্বৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে, ২৫ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰৰ ভিতৰত ৭০ সংগঠনৰ প্ৰতিনিধিৰে আন এক বৈঠক অনুষ্ঠিত কৰি প্ৰস্তাৱিত ৰাজনৈতিক দলটোৰ প্ৰাৰম্ভিক কাম-কাজ আগবঢ়াই নিবলৈ এখন আহ্বায়ক কমিটী গঠন কৰিব।

সেই মৰ্মে, সকলো দল-সংগঠনৰ পৰা একোজনকৈ প্ৰতিনিধি থাকিব এই আহ্বায়ক কমিটীত। মঙলবাৰে অনুষ্ঠিত সভাত খৰখেদা হোৱাৰ বাবে কৃষক মুক্তিৰ নেতৃত্বত ৰাজনৈতিক দল গঠন কৰাৰ বাবে সমবেত হোৱা সকলো সংগঠনে তেওঁলোকৰ প্ৰতিনিধিৰ নাম প্ৰেৰণ কৰিব নোৱাৰিলে।

সংগঠনসমূহৰ নেতৃত্বই লিখিতভাৱে বৈঠক অনুষ্ঠিত কৰি সৰ্বসন্মত সিদ্ধান্ত মৰ্মে ৰাজনৈতিক দল গঠনৰ বাবে একোজনকৈ প্ৰতিনিধি প্ৰেৰণ কৰাৰ প্ৰস্তাৱ লোৱা হৈছিল যদিও, কেইবাটাও সংগঠনে সেই প্ৰতিনিধিৰ নাম লিখিত ৰূপত নিদিয়াত দুদিন সময় তেওঁলোকক দিয়া হয় বুলি জানিব পৰা গৈছে।

ইফালে, এই প্ৰস্তাৱিত দলটোৰ আহ্বায়ক কমিটীত দুজন সমন্বয়ক ৰূপে থাকিব । লোহিত গগৈ আৰু ভাস্কো ডি শইকীয়াই সেই দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইফালে, মঙলবাৰৰ বৈঠকতে পুনৰ সকলো আঞ্চলিক শক্তিক একত্ৰিত কৰাৰ হকে সহমত পোষন কৰে কৃষক মুক্তিকে ধৰি আন জাতীয় দল-সংগঠনে।

মঙলবাৰে অনুষ্ঠিত সভাত প্ৰতিটো দল-সংগঠনৰ পৰা দুজনকৈ প্ৰতিনিধি উপস্থিত আছিল। অৱশ্যে এই ৭০ সংগঠনৰে কেইটামান সংগঠনে এই ৰাজনৈতিক দল গঠনত প্ৰত্যক্ষ ভাৱে জড়িত নহ'ল বুলি সদৰী কৰিছে।

৭০ সংগঠনৰ সৈতে কা আন্দোলনৰ সময়ত একেলগে থকা স্বৰাজ অসমৰ ভৱেন সন্দিকৈয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে ৰাজনৈতিক দল গঠনৰ এই প্ৰক্ৰিয়াৰ পৰা তেওঁ আঁতৰি থাকিব বুলি উল্লেখ কৰি ২২ ছেপ্টেম্বৰত ৭০ সংগঠনৰ নেতৃত্বলৈ এক পত্ৰ প্ৰেৰণ কৰে।

এই পত্ৰত স্বৰাজ অসমৰ প্ৰস্তাৱিত ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়াৰ পৰা তেওঁ আঁতৰত থকা কথা উল্লেখ কৰিছে। ইফালে, লোহিত গগৈয়ে জানিবলৈ দিয়ে মতে, ৰাজনৈতিক দল গঠনৰ এই পদক্ষেপ সকলো দল-সংগঠনৰ মতামতৰ ভিত্তিতে গ্ৰহণ কৰা হৈছে।

আছুৰ দৰে ৰাজনৈতিক দল গঠনৰ বাবে কোনো পৰামৰ্শ কমিটী গঠন কৰা হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় সমষ্টি ভিত্তিত সভা অনুষ্ঠিত কৰি, সেই সমষ্টি সমূহৰ নেতৃস্থানীয় ব্যক্তিৰ পৰা তেওঁলোকে পৰামৰ্শ গ্ৰহণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in