অখিলৰ বিষয়ক লৈ দিছপুৰত শীৰ্ষ পৰ্যালোচনা বৈঠকঃ মুখ্য সচিব, আৰক্ষী সঞ্চালকৰ সৈতে বহিল মুখ্যমন্ত্ৰী…

অখিলৰ বিষয়ক লৈ দিছপুৰত শীৰ্ষ পৰ্যালোচনা বৈঠকঃ মুখ্য সচিব, আৰক্ষী সঞ্চালকৰ সৈতে বহিল মুখ্যমন্ত্ৰী…

অখিল গগৈৰ কোৰোনা পজিটিভ নে নিগেটিভ। দুই সৰ্তীথ ধৈৰ্য কোৱঁৰ আৰু বিতু সোণোৱালৰ কোৰোনা পৰীক্ষা পজিটিভ আহিল যদিও তেওঁলোকৰ পূৰ্বে স্বাৱ সংগ্ৰহ কৰা অখিলৰ পৰীক্ষাৰ প্ৰতিবেদনক লৈ এক ধূসৰ পৰিস্থিতি বৰ্তাই ৰখা হৈছে। আক্ৰোশমূলক ভাৱে চৰকাৰে কোৰোনাৰ দৰে ভয়াৱহ ভাইৰাছৰ বিষয় এটা আৰু অখিলৰ জীৱনক লৈ হেতালি খেলা বুলি অভিযোগ উঠিছে। নিৰ্বাচনৰ প্ৰাককালীন সময়ত সৃষ্ট এই পৰিস্থিতিয়ে বিজেপি দল আৰু চৰকাৰকো বাৰুকৈয়ে সংকটত পেলাইছে। এনে পৰিস্থিতিতে অখিলৰ জামিন আবেদনৰ সন্দৰ্ভত চৰকাৰে কৌশলপূৰ্ণ স্থিতি লব নেকি! সেই বিষয়ে অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ এক অনুসন্ধানমূলক প্ৰতিবেদন…

সকলো ঠিকে থাকিলে মুকলি আকাশৰ তললৈ অচিৰেই ওলাব অখিল গগৈ। তেনে সম্ভাৱনাৰে ইংগিত পোৱা গৈছে। এন আই এৰ দুটা গোচৰ আৰু অসম চৰকাৰে জাপি দিয়া ইটোৰ পিছত সিটো গোচৰৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমান বন্দী হৈ আছে ৰুগীয়া অখিল গগৈ।

অখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে কাৰাগাৰত বন্দী কৰি থোৱাক লৈ কেৱল অসমতে নহয় ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়তো তূমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজতে অখিল গগৈক কাৰাবন্দী কৰি থোৱা বিষয়টোৱেও ব্যাপক চৰ্চা লাভ কৰিছে।

সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমতো ইয়াক লৈ সমালোচনাৰ জোঁৱাৰ উঠিছে,ঠায়ে ঠায়ে ৰাজপথত প্ৰতিবাদো সাব্যস্ত হৈছে। কৃষক মুক্তিয়ে নহয় বিভিন্ন জাতীয় দল-সংগঠনৰ লগতে পূৰ্বে বিপৰীত মেৰুত অৱস্থান কৰা সদৌ অসম ছাত্ৰ সন্থাও অখিল গগৈৰ ওপৰত চৰকাৰে চলোৱা আক্ৰোশমূলক পদক্ষেপৰ বিৰুদ্ধে সৰৱ প্ৰতিবাদ কৰিছে।

অতি লক্ষ্যণীয় ভাৱে বৃহস্পতিবাৰে আছুৰ সভাপতি-সম্পাদক দিপাংকৰ নাথ আৰু লুৰিণজ্যোতি গগৈয়ে কৃষক নেতা অখিল মুক্তিৰ দাবী উত্থাপন কৰাৰ পিছত আজি অখিল গগৈৰ মুক্তিৰ দাবী জনাই আছুৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যইও এক টুইটযোগে শীঘ্ৰে ৰোগাক্ৰান্ত কৃষক নেতাগৰাকীক মুক্তিৰ দাবী জনাইছে।

এনে পৰিস্থিতিয়ে স্বাভাৱিকভাৱে চৰকাৰৰ ভাৱমূৰ্তিৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাইছে। সেয়েহে নিৰ্বাচনৰ প্ৰাকক্ষণত এই বিষয়টো গুৰুত্বসহকাৰে লবলৈ বাধ্য হৈছে চৰকাৰ। এক ভিতৰুৱা সূত্ৰ অনুসৰি, গগৈৰ মুক্তিৰ সন্দৰ্ভত চৰকাৰৰ পৰৱৰ্তী স্থিতি কি হ'ব সেই সন্দৰ্ভত শীৰ্ষ পৰ্যায়ত সঘন আলোচনাও হৈছে।

সূত্ৰটোৱে শেহতীয়াকৈ জানিবলৈ দিয়া মতে. অখিল গগৈক আদালতে জামিন দিলে এইবাৰ অসম চৰকাৰৰ পৰা কোনো নতুনকৈ গোচৰ জাপি দিয়াৰ ক্ষেত্ৰত কৌশলপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব। সেই পদক্ষেপৰ অংশ হিচাপেই জামিন আবেদনৰ পৰৱৰ্তী শুনানিত চৰকাৰ পক্ষই অখিলৰ জামিনৰ বিৰোধিতা কৰাৰ পৰা বিৰত থকাৰ সম্ভাৱনা আছে।

সূত্ৰটোৰ মতে, বৃহস্পতিবাৰ(৯জুলাই,২০২০) মুখ্যমন্ত্ৰীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সৈতে। জানিব পৰা মতে, মুখ্যমন্ত্ৰীৰ সৈতে এই দুই উচ্চপদস্থ বিষয়াই অখিল গগৈৰ মুক্তিৰ সন্দৰ্ভত আলোচনা কৰিছিল।

উল্লেখ্য যে, অখিল গগৈৰ বিৰুদ্ধে থকা এন আই এৰ দুটা গোচৰ একেলগ কৰিবলৈ জনোৱা আবেদনৰ শুনানি ১৩জুলাই,২০২০ত গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব। ইফালে ১৭জুলাই, ২০২০ত অখিল গগৈৰ জামিনৰ সন্দৰ্ভত তেওঁৰ অধিবক্তাই জনোৱা এক আবেদনৰ শুনানি গ্ৰহণ কৰিব নিয়াৰ বিশেষ আদালতে।

অখিল গগৈৰ স্বাস্থ্যৰ অৱনতি সন্দৰ্ভত উদ্বিগ্ন ৰাজ্যবাসীৰ লগতে তেওঁৰ পত্নী গীতাশ্ৰী তামুলী তথা মাতৃও। ইতিমধ্যে মাতৃয়ে এনেদৰে নিৰ্যাতন চলোৱাতকৈ অখিলক মাৰি পেলাইবলৈও চৰকাৰক জনোৱা ক্ষোভযুক্ত আবেদনে অসমৰ সকলো স্তৰৰ ৰাইজৰ অন্তৰ স্পৰ্শ কৰিছে।

আনহাতে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক গীতাশ্ৰী তামুলীয়ে জানিবলৈ দিয়া মতে, অখিল গগৈ কি অৱস্থাত আছে আৰু কেনেকৈ ক'ত ৰখোৱা হৈছে সেই বিষয়ে তেওঁক একো জানিবলৈ দিয়া হোৱা নাই।

সংবাদ মাধ্যমৰ জৰিয়তেহে অখিল গগৈ প্ৰথমো কোৰোনাত আক্ৰান্ত হোৱা আৰু তাৰপিছত আক্ৰান্ত নাই হোৱা বুলি তেওঁ খবৰ লাভ কৰিছে। এই খবৰবোৰৰ সত্যত্যাক লৈও তেওঁ বিবুধিত পৰিছে। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক মানৱিকাৰ আয়োগ এনে এক বিষয়ক লৈ নীৰৱে থকা বিষয়ক লৈ তেওঁ আক্ষেপ প্ৰকাশ কৰে।লগতে গীতাশ্ৰী তামুলীয়ে জানিবলৈ দিয়ে যে, আৰক্ষী বিভাগৰ দুজন লোক তেওঁৰ ওচৰলৈ আহিছিল। আৰু সেই লোক দুজনে তেওঁৰ মোবাইল নম্বৰটো লৈ গৈছিল।

তাৰ পিছত কোনেও অখিল গগৈৰ সন্দৰ্ভত তেওঁৰ সৈতে যোগাযোগ কৰা নাই। উল্লেখযোগ্য যে, অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা চাবুৱা থানাৰ গোচৰ নম্বৰ ২৯২/১৯ত বৃহস্পতি বাৰে জামিন প্ৰদান কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। নিয়াৰ দুই গোচৰত জামিন লাভ কৰিলে অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in