কামপুৰত এন আৰ চি কেন্দ্ৰত চুৰি কৰা ৪ টা চোৰৰ লগতে এগৰাকী মহিলা চোৰক আটক আৰক্ষীৰ..

কামপুৰত এন আৰ চি কেন্দ্ৰত চুৰি কৰা ৪ টা চোৰৰ লগতে এগৰাকী মহিলা চোৰক আটক আৰক্ষীৰ..


ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰ দেৱনাৰিকলি এন আৰ চি কেন্দ্ৰত চুৰি কৰা ৪ টা চোৰৰ লগতে এগৰাকী মহিলা চোৰক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । ৮ আগষ্ট নিশা কামপুৰ দেৱনাৰিকলি গাওঁ পঞ্চায়তৰ এন আৰ চিৰ সেৱা কেন্দ্ৰত সংঘটিত হৈছিল চুৰি কাণ্ডৰ ঘটনা । দুৱাৰ ভাঙি কেন্দ্ৰটোত প্ৰৱেশ কৰি এটা জেনেৰেটৰ ,দুখন ফেন,এটা কম্পিউটাৰ মনিটৰ চুৰিকৰি নিছিল চোৰৰ দলটোৱে ।

ইয়াৰোপৰি দুটাকৈ আলমিৰা ভাঙি লণ্ড ভণ্ড কৰে এন আৰ চিৰ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ । তাৰ পাছতে এন আৰ চি কতৃপক্ষই কামপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । এন আৰ চি কতৃপক্ষৰ এজাহাৰৰ ভিত্তিত কামপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল ।

১৫ আগষ্ট নিশা বিশেষ সুত্ৰ পম খেদি কামপুৰ আৰক্ষীয়ে ৪ টা চোৰৰ লগতে এগৰাকী মহিলা চোৰক আটক কৰিবলৈ সক্ষম হয় । ধৃত চোৰ কেইটা ক্ৰমে মহম্মদ আলী, ইনামুল হক , ৰিয়াজুল হক , ৰফিকুল ইছলাম আৰু জুছনাৰা বেগম । দীৰ্ঘদিন ধৰি এই চোৰৰ দলটোৱে কামপুৰৰ অঞ্চলত নানা ধৰণৰ চুৰি কাৰ্য সংঘটিত কৰি আহিছিল ।

উল্লেখ্য যে চুৰি কৰা জেনেৰটৰটো ধৃত মহম্মদ আলীৰ কামপুৰ ঘিলানীৰ বাসগৃহ পৰা উদ্ধাৰ কৰা লগতে দুখন ফেন আৰু কম্পিউটাৰ মনিটৰটো ধৃত চাৰি চোৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in