এয়া মাত্ৰ ট্ৰেইলাৰহেঃ ২৬ জানুৱাৰীৰ পূৰ্বে প্ৰায় ৩৫০০খন টেক্টৰ লৈ ৰাজপথ কপাঁলে প্ৰতিবাদী কৃষকে…

এয়া মাত্ৰ ট্ৰেইলাৰহেঃ ২৬ জানুৱাৰীৰ পূৰ্বে প্ৰায় ৩৫০০খন টেক্টৰ লৈ ৰাজপথ কপাঁলে প্ৰতিবাদী কৃষকে…

ডিজিটেল ডেস্কঃ ৰদ-বৰষুণ কাটি কৰি নিজৰ দাবীত বিগত ৪৩দিনে অটল আছে কৃষকসকল। কেইবালানিও আলোচনা বিফল হোৱাৰ পাছত অহা ৮ জানুৱাৰীত পুনৰ কেন্দ্ৰৰ সৈতে কৃষকসকল আলোচনাত বহিব যদিও বৃহস্পতিবাৰে দিল্লীত শক্তি প্ৰদৰ্শন কৰিলে কৃষকসকলে।

দিল্লীত বৃহস্পতিবাৰে মহিলাসকলে টেক্টৰ ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আজিৰ দিনটোতে সিন্ধু বৰ্ডাৰৰ পৰা কেইবাগৰাকীও মহিলাই নিজে টেক্টৰ চলাই আহি দিল্লীত উপস্থিত হৈছে। প্ৰতিবাদী এই মহিলাসকলে কয় যে, ২৬ জানুৱাৰীৰ পূৰ্বে এয়া মাত্ৰ ট্ৰেইলাৰহে। এতিয়াও সম্পূৰ্ণ ছবি বাকী আছে।

উল্লেখ্য যে, ২৬ জানুৱাৰীত প্ৰতিবাদী কৃষকসকলে টেক্টৰ ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিব যদিও বৃহস্পতিবাৰেও বিশাল টেক্টৰ ৰেলীৰে কৃষকৰ দাবী মানি লবলৈ আহ্বান জনায়। এই ৰেলীচ ৩৫০০খনৰো অধিক টেক্টৰ লৈ সিন্ধু, টিকৰী আৰু গাজীপুৰ বৰ্ডাৰত ৰেলী উলিওৱা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in