সুদীর্ঘ ২২ দিনৰ মূৰত বিতুমনি নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত কৰায়ত্ব

সুদীর্ঘ ২২ দিনৰ মূৰত বিতুমনি নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত কৰায়ত্ব

ডিজিটেল সংবাদ, দৰংঃ সুদীর্ঘ ২২ দিনৰ মূৰত কৰায়ত্ব হ'ল নাহৰবাৰী গাঁৱৰ ন-বোৱাৰী, দলগাঁৱৰ জীয়াৰী বিতুমনি হত্যাকাণ্ডৰ মূল অভিযুক্ত কীৰিতি বৰুৱা।

অসম আৰক্ষীৰ ৩য় বেটেলিয়নত কৰ্মৰত কীৰিতিয়ে বিগত সময়ত আত্মগোপন কৰি জামিন আবেদন দাখিল কৰিছিল যদিও জামিন পোৱাৰ কোনো সুৰুঙা নাপাই মঙলবাৰে মঙলদৈ থানাত এক প্ৰকাৰ আত্মসমৰ্পনৰ নাটক কৰে।

লক্ষনীয় যে বিতুমনি হত্যাকাণ্ডৰ বিৰুদ্ধে ভিন্ন প্ৰতিবাদেও দৰং আৰক্ষীক তলাব পৰা নাছিল। দেওমৰনৈৰ সম্পৰ্কীয়ৰ ঘৰত আত্মগোপন কৰিও অৱশেষত বিফল হয় খলনায়ক কীৰিতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in