কোনে অপহৰণ কৰিছিল তিনিচুকীয়াৰ চানি মহাজনক?

কোনে অপহৰণ কৰিছিল তিনিচুকীয়াৰ চানি মহাজনক?

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ যোৱা ১৬ ডিচেম্বৰত অপহৃত হোৱা তিনিচুকীয়া ধলাৰ টেঙাপানী বাঘঘুলি চাপৰিৰ ম'হ খুটিৰ খেম বাহাদুৰ ছেত্ৰী নামৰ লোকজনক আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিবলা সক্ষম হয়৷ মঙলবাৰে পুৱতি নিশা শদিয়াৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নেতৃত্বৰ এটা দলে অভিযান চলাই ম'জবাৰীৰ পৰা ব্যৱসায়ী খেম বাহাদুৰ ছেত্ৰীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাণ্ডৰ লগত জড়িত দুজনক আটক কৰিবলৈ সক্ষম হয়৷

ইয়াৰ পূৰ্বে ১৬ ডিচেম্বৰত খেম বাহাদুৰ ছেত্ৰীক তিনিজনীয় এটা বন্দুকৰী দুৰ্বৃত্তৰ দলে ধলাৰ টেঙাপানী বাঘঘুলি চাপৰিৰ ম'হ খুটিৰ পৰা অপহৰণ কৰিছিল৷ এই ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি অৱশেষত মঙলবাৰে পুৱতি নিশা দুই যুৱকক আটক কৰিবলৈ সক্ষম হয়৷ আটকাধীন যুৱক দুজন ক্ৰমে জয়ন্ত দত্ত আৰু আনন্দ গোৱালা বুলি চিনাক্ত কৰিছে শদিয়া আৰক্ষীয়ে৷

আনহাতে, এই অপহৰণ কাণ্ডৰ লগত কেইবাজনো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ লগতে অপহৰণকাৰী দলৰ আটকাধীন যুৱক দুজন আলফা স্বাধীনৰ সৈতে জড়িত নহয় বুলিও স্পষ্ট কৰি দিছে আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে৷ আনহাতে, ধৃত অপহৰণকাৰী এজনৰ স্বাস্থ্যৰ অৱনতিৰ বাবে চিকিত্সালয়ত ভৰ্তি কৰিবলগীয়া হয়। শদিয়াৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰিয়েই প্রথমটো কেছতে সফলতা লাভ কৰাত দেৱজিৎ দেউৰীক সহকৰ্মী তথা স্থানীয় লোকসকলে অভিনন্দন জ্ঞাপন কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in