১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১)বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত নলাত পৰি কিশোৰীৰ মৃত্যু।শুকুৰবাৰে গুজৰাটৰ মেহছানা জিলাৰ ভিচনগৰত চাইকেল চলাই স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে থকা অৱস্থাত নলাত পৰি মৃত্যু হয় এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ ।

২) কমনৱেলথ গেছৰ যাত্ৰাত থমকিল অসম জীয়ৰী হিমা দাস। ছেমি ফাইনেলত দশম স্থান লাভ কৰাৰ বাবে ফাইনেলত প্ৰৱেশত ব্যৰ্থ হিমা । ০.০১ ছেকেণ্ডৰ ব্যৱধানত পৰাজিত হ'ল হিমা দাস।

৩) ১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা আলফা(স্বা)ৰ । ১৪ আগষ্টৰ মাজ নিশাৰ পৰা ১৫ আগষ্টৰ সন্ধিয়া ৬ বজালৈ এই বন্ধ আহ্বান আলফা(স্বা)ৰ। যৌথ বিবৃতিৰ জৰিয়তে এই কথা ঘোষণা কৰিছে এন এছ চি এন আৰু জি পি আৰে ।

৪) নিৰ্বাচিত হ'ল দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি। দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্রপতি হ'ব জগদীপ ধনখড়। প্রতিদ্বন্দ্বী মাৰ্গাৰেট আলভাক পৰাস্ত কৰি ৫২৮টা ভোট লাভ কৰে NDAৰ উপ-ৰাষ্ট্রপতি পদৰ প্রাৰ্থীজনে। ইয়াৰ বিপৰীতে মাৰ্গাৰেট আলভাই লাভ কৰিছে ১৮২টা ভোট।

৫)সীমান্তৰ বিবাদক লৈ  অসম সীমা সুৰক্ষা তথা উন্নয়ন মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত মিজোৰাম ভ্ৰমণ  কৰিব পাঁচজনীয়া এটি দলে।দীৰ্ঘদিন ধৰি চলি অহা অসম-মিজোৰাম সীমান্তৰ বিবাদ সন্দৰ্ভত হ'ব লগীয়া এই বৈঠক অনুষ্ঠিত হ'ব ৯ আগষ্টত য'ত ভাগ ল'ব দুয়োখন ৰাজ্যৰে চৰকাৰী প্ৰতিনিধিসকলে  ।

৬) ৩০ লাখ জাতীয় পতাকা প্ৰস্তুত কৰি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৮৩ বছৰীয়া আব্দুল ছাছাই। ৰাঞ্চীৰ নিৱাসী আব্দুল চাচা নামেৰে খ্যাত আব্দুল চাত্তাৰ নামৰ লোকজনে ৪২ বছৰ ধৰি প্ৰস্তুত কৰি আহিছে জাতীয় পতাকা।

৭)ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে আয়োজন কৰা চুটি ছবি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা ।শ্ৰেষ্ঠ স্থান লাভ কৰে জেমিৰ " ফ্লেচ বেকে " ৷ দ্বিত্বীয় স্থান লাভ কৰে জ্যোতি গায়নৰ " আনটাইটেল্ডে " ৷ তৃতীয় স্থান লাভ কৰে হীৰক জ্যোতি নাথৰ " ড্ৰাগছ কিল দ্যা নিউ জেনেৰেশ্যন " নামৰ চুটি ছবি খনে ৷

৮)মঙলদৈত থকা জলসম্পদ বিভাগৰ মধ্য অসম অনুসন্ধান সংমণ্ডল কাৰ্যালয়টো বিশ্বনাথ চাৰিআলিলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্তৰ বিৰোধীতা দৰং জিলা কৰ্মচাৰী পৰিষদ, দৰং জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা কমিটিৰ।

৯)হোটেলৰ কোঠাত উদ্ধাৰ প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ বিষয়াৰ মৃতদেহ।  টাইৱানক, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত তীব্ৰ উত্তেজনা  অব্যাহত থকাৰ সময়তে হোটেলৰ এটা কোঠাত টাইৱানৰ প্ৰতিৰক্ষা বিভাগৰ এগৰাকী শীৰ্ষ বিষয়া উইয়াং লি-শ্বিঙৰ  মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

১০) ভাৰতীয় দলৰ এনথেম (Anthem) হিচাপে বাজি উঠিল নিলোৎপল বৰাৰ পৰিচালিত গীত।যাদুগৰ' চিনেমাৰ 'ক্যা খেলা ৰে…চাব্বাছ' গীতটি  ভাৰতীয় দলৰ এনথেম (Anthem) হিচাপে বাজি উঠাৰ পাছতেই নিলোৎপল বৰাৰ ফেচবুকৰ পোষ্ট "সঁচাকৈয়ে যিকোনো শিল্পীৰ বাবে এইয়া এটা ডাঙৰ কথা"

১১)ধেমাজি অসামৰিক চিকিৎসালয়ত ৰোগীক চিকিৎসা প্ৰদান কৰিলে চিকিৎসকৰ গাড়ী চালকে। ২৪ ঘন্টাৰ ভিতৰত কোনো ব্যৱস্থা ন'হলে ১০ আগষ্টত অসম জাতীয়তাবাদী যুৱ পৰিষদে ধেমাজিত ৰূপায়ণ কৰিব বিশাল প্ৰতিবাদী কাৰ্য্যসূচী । 

১২)কমনৱেলথ গেমছত আগবাঢ়িল ভাৰতীয় মহিলা দল। ৪x১০০ মিটাৰ ৰীলেৰ ফাইনেলত আগবাঢ়িছে ভাৰতীয় দল।ভাৰতীয় দলটোৰ অন্যতম সদস্য হিচাপে আছে অসমৰ হিমা দাস ।হিটছত দ্বিতীয় স্থান দখলেৰে ফাইনেলত স্থান নিশ্চিত ভাৰতীয় দলটোৰ ।

১৩)ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ নিৰ্দেশো নামানে ৰাজ্যৰ মুখ্যসচিবৰ কাৰ্যালয়েঃ নগাঁৱত প্ৰখ্যাত বাস্কেট বল খেলুৱৈৰ দুৰ্দশা। ২০০৫ বৰ্ষত নীতিগত ভাবে আবকাৰী বিভাগত লাভ কৰা কনিষ্টবলৰ চাকৰি ৰহস্যজনক ভাৱে হেৰুওৱা প্ৰক্তন খেলুৱৈ কাঞ্চন সাহৰ একমাত্ৰ ভৰসা এতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

১৪)ৰাষ্ট্ৰীয় ছাত্ৰ অলিম্পিকত ঊশ্বু খেলত সোণৰ পদক কঢ়িয়াই অনা বকোৰ জীনা হুছেইনক শনিবাৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । বকো পৰ্যটন ভৱনত অনুষ্ঠিত এখন সভাত ঊশ্বু খেলুৱৈগৰাকীক সম্বৰ্ধনা জনায় ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভাই।

১৫) প্ৰাদেশিকৰণৰ পিছতো চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত প্ৰাদেশিকৃত হোৱা ৩৩ খন মহাবিদ্যালয়ৰ কৰ্মচাৰী । ৮ আগষ্ট, ২০২২ তাৰিখে তলাবন্ধ কাৰ্যসূচী ঘোষণা কৰে অনা-শিক্ষক কৰ্মচাৰী সন্থাই ।

১৬)ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি প্ৰথমবাৰলৈ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ। প্ৰথমবাৰলৈ কমনৱেলছ গেমছত ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে।

১৭)স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত  ঢকুৱাখনা সদৰ থানা এলেকাৰ গ্ৰামাঞ্চলত  শান্তি শৃংখলা অব্যাহত ৰাখি সুস্থ সামাজিক পৰিবেশ সৃষ্টিৰ সজাগতা  বৃদ্ধিৰ লক্ষ্যৰে শনিবাৰে এক বিশাল বাইক সমদল উলিওৱা হয় ।

১৮) তিতাবৰৰ জৱাহৰ নবোদয় বিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰই ৰেগিংৰ নামত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰভাবে আহত কৰিলে কণিষ্ঠ ছাত্ৰক। ভুক্তভোগী শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ অভিযোগ মতে ৩ আগষ্টৰ এই মাৰপিটৰ ঘটনাত হোষ্টেলৰ কেইবাজনো ছাত্ৰ আহত হৈ নিজ গৃহত আশ্ৰয় ল'ব লগা হৈছে। 

১৯)অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই মাৰ্ঘেৰিটা নগৰৰ চেগুনবাৰী প্রাথমিক বিদ্যালয়ত এক সংবাদমেল সম্বোধন কৰি চৰকাৰক মাননীৰ পৰিবৰ্তে মজুৰিৰ প্ৰদানৰ দাবী কৰে।

২০)বৰথল কছাৰীগাওঁ প্ৰাথমিক বিদ্যালয়ত আজব ঘটনা,হঠাৎ ছাত্ৰ-ছাত্ৰীৰ সহ অচেতন শিক্ষয়িত্ৰী।বিদ্যালয়খনৰ গাতে লাগি থকা এটা পুখুৰীৰ পৰা অহা দুৰ্গন্ধৰ ফলত ছাত্ৰ-ছাত্ৰী সকল অসুস্থ হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশ স্থানীয় ৰাইজে।

২১)আন্তঃৰাষ্ট্ৰীয় পাৰপত্ৰ জালিয়াতিৰে গৰুৰ চোৰাং বেপাৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ নুৰুজ জামান।ভুৱা নথিৰে ভাৰতীয় চিম উলিয়াই ব্যৱহাৰ কৰিছিল ব্যক্তি জনে। Tourist Visa ৰে আহি চোৰাং গৰুৰ সৰবৰাহ কৰিছিল নুৰুজ জামানে । নুৰুজ জামানৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ভাৰতীয় টকা ।

২২) নগাঁও জিলাৰ বটদ্ৰৱাৰ এগৰাকী মহিলাৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গাঁও খনৰ আব্দুল হাইৰ জীয়ৰী আফিয়া খাতুন জুৰিয়া থানাৰ অন্তৰ্গত মাহগুৰি গাঁৱৰ আৰফান আলীৰ পুত্ৰ নাচিৰ উদ্দীনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল প্ৰায় ২২ বছৰ পূৰ্বে । 

২৩)আহোম জাতিৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দিয়া বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবীত সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) ধেমাজি সদৰ আঞ্চলিক সমিতিৰ প্ৰায় চাৰি শতাধিক কৰ্মীৰ প্ৰতিবাদ।

২৪)পূব এছিয়াত চীন-টাইৱান, পশ্চিম এছিয়াত ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ।মধ্যপ্ৰাচ্যত ভয়ংকৰ যুদ্ধৰ উকমুকনি।সমুখ-সমৰৰ দিশে আগবাঢ়িছে ইজৰাইল আৰু পেলেষ্টাইন।পেলেষ্টাইনলৈ বোমাবৰ্ষণ ইজৰাইলৰ।সেই বোমাবৰ্ষণত নিহত হৈছে ১৫টাকৈ সন্ত্ৰাসবাদী।

২৫) উৎকোচ লোৱাৰ অভিযোগত গ্রেপ্তাৰ পঞ্জীয়ক গুৰুপ্রসাদ খাটনিয়াৰ। দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰা পেলাই পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰুপ্রসাদ খাটনিয়াৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in