আন এজন যাদৱ পায়েং, ক’ত?

আন এজন যাদৱ পায়েং, ক’ত?

ডিজিটেল ডেস্কঃ আন এজন যাদৱ পায়েং। অসমৰ যাদৱ পায়েঙৰ দৰেই উৰিষ্যাৰ ক্ষীৰোদ জিনা নামৰ লোকজন প্ৰেমত পৰিছে প্ৰকৃতিৰ। জয়পুৰ জিলাৰ খালাচ্চী গাৱঁৰ ক্ষীৰোদে কাম কৰিছিল সেনা বাহিনীত। চাকৰিৰ পৰা অৱসৰ লৈ প্ৰাক্তন সেনা জোৱান গৰাকীয়ে দীৰ্ঘ সময় ধৰি তেওঁ বাস কৰা অঞ্চলটোত ৰোপন কৰিছে গছপুলি। এতিয়ালৈকে ২০হাজাৰৰো অধিক পুলি ৰোপন কৰিছে এই প্ৰাক্তন সেনা জোৱান গৰাকীয়ে। ক্ষীৰোদ জিনাই ৰোপন কৰা গছপুলিবোৰৰ বহু পুলি এতিয়া ডাঙৰ হৈছে। প্ৰকৃতিৰ প্ৰতি অতি সচেতন ক্ষীৰোদ জিনাৰ লক্ষ্য ১লাখ গছপুলি তেওঁ ৰোপন কৰিব। অৱসৰৰ পাছত পোৱা ধন আৰু পেঞ্চনৰ ৮০শতাংশ ধন এই সেনা জোৱানজনে গছপুলি ৰোপনৰ কামতেই ব্যয় কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in