/asomiyapratidin/media/media_files/2026/02/04/whatsapp-image-2026-2026-02-04-10-27-22.jpeg)
ডিজিটেল ডেস্কঃ নিশা পশ্চিম কাৰ্বি আংলঙৰ মাইলুৰ নৱাইবিল বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত ১৪খনৰো অধিক ব্যৱসায়িক প্রতিষ্ঠান। গেলামালৰ দোকান, কাপোৰৰ দোকান, কিতাপৰ দোকান, হোটেল আদিৰ লক্ষাধিক টকাৰ সামগ্রীসহ নগদ ধন ভস্মীভূত হয় এই অগ্নিকাণ্ডত।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/04/whatsapp-image-2026-02-04-10-21-00.jpeg)
ব্যৱসায়িক প্রতিষ্ঠানসমূহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ পাছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইপিনে সর্বস্বান্ত হৈ দিশহাৰা হৈ পৰিছে এতিয়া ব্যৱসায়ীসকল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/04/1-2026-02-04-10-22-09.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us