শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

জামুগুৰি হাটৰ সৰবৰহী মহিলা খৰ্গেশ্বৰী মহন্তৰ বিয়োগ..

ডিজেটেল সংবাদ জামুগুৰিঃ শোণিতপুৰ জিলাৰ জামুগুৰি হাটস্থিত ওপৰ টলকাবাৰীৰ ৰান্ধনি বৰলেঙি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ থুলেশ্বৰ মহন্তৰ পত্নী খৰ্গেশ্বৰী মহন্তৰ মঙ্গলবাৰে বিয়লি ৩-০৫ মিনিটত মৃত্যু হয়। সৰবৰহী মহিলাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৫ বছৰ।

দুদিনমান পূৰ্বে শ্বাস, প্ৰশ্বাস জনিত অসুবিধাত ভূগা শ্ৰীযুতা মহন্তক পৰৱৰ্তী সময়ত তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তীসময়ত স্বাস্থ্যৰ অধিক অৱনতী ঘটাত দেওবাৰে নিশা তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হয় যদিও মঙ্গলবাৰে বিয়লি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ পিচত ক’ভিড সংক্ৰান্তিয় পৰীক্ষা সম্পন্ন কৰাৰ অন্তত মঙ্গলবাৰে সন্ধিয়া পৰিয়ালৰ লোকক মৃত দেহ চমজাই দিয়া হয়। পিচত তেওঁক জামুগুৰিহাটৰ ওপৰ টলকাবাৰীৰ বাসভৱনলৈ নিয়া হয় যদিও ৰাজ্যৰ বিভিন্ন স্থানত থকা ৭ জনকৈ পুত্ৰ, ২ গৰাকী জীয়ৰী আৰু নাতি-নাতিনী উপস্থিতিৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে পুৱাৰ ভাগত হে খৰ্গেশ্বৰী মহন্তৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।