শংকৰদেৱ কলাক্ষেত্ৰত মুকলি গণশিল্পী ‘খগেন মহন্ত উদ্যান’…

শংকৰদেৱ কলাক্ষেত্ৰত মুকলি গণশিল্পী ‘খগেন মহন্ত উদ্যান’…

ডিজিটেল ডেস্কঃ শনিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংঙ্গনত মুকলি কৰা হয় গণশিল্পী খগেন মহন্তৰ উদ্যান। সন্ধিয়া প্ৰায় ৬ বজাত উদ্যান মুকলি কৰাৰ লগতে শিল্পীগৰাকীৰ স্মৃতিচাৰণ এক সভাত অংশ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

গাভীৰ্যপূণ এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলী, সাংস্কৃতিক মন্ত্ৰী নৱ দলে, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ লগতে অসমৰ সংগীত জগতৰ কেইবাজনো শিল্পী।

প্ৰায় ২৫ লাখ টকাৰ ব্যয় সাপেক্ষে অসম চৰকাৰে নিৰ্মাণ কৰিছে প্ৰয়াত খগেন মহন্তৰ নামত এই উদ্যানখন। উদ্যানখনৰ শুভ উদ্বোধনৰ মুৰ্হূতত গণশিল্পী খগেন মহন্তক ওপজা দিনত সুৱঁৰি কয়- খগেন দাই মোক কৈছিল -সৰ্বানন্দ, তোমালোক গাঁৱৰ ল'ৰা, গাঁৱৰ কথা পাহৰি নাযাবা। গাঁৱক বাদ দিলে আমাৰ অস্তিত্ব ৰক্ষা নাপায়। গ্ৰাম্য জীৱনক শক্তিশালী কৰি তুলিব লাগিব। ইয়াৰ কৃষ্টি-সংস্কৃতি, পৰম্পৰা, মূল্যবোধক আগুৱাই নিব লাগিব।"

https://www.facebook.com/SarbanandaSonowal/videos/509926596409268/?t=0

উদ্বোধনী সভা সমাপ্ত হোৱাৰ পাছতে কেইবাজনো শিল্পীয়ে পৰিৱেশন কৰে খগেন মহন্তদেৱৰ কেইবাটাও কালজয়ী গীত।

উল্লেখ্য যে, এই অনুষ্ঠানৰ শুভাৰম্ভণী কৰে প্ৰয়াত খগেন মহন্ত দেৱৰ পুত্ৰ তথা কন্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ কন্ঠৰ এটি ভক্তিমূলক গীতে।

এই অনুষ্ঠানত উপস্থিত থাকে খগেন মহন্তৰ সহধমিৰ্নী অৰ্চনা মহন্তও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in