আন্ত:ৰাষ্ট্ৰীয় গঁড় দিৱস উপলক্ষে আজি মুক্তি পাব কেভিন পিটাৰছনৰ এশিঙীয়া গঁড়ৰ তথ্যচিত্ৰ…

আন্ত:ৰাষ্ট্ৰীয় গঁড় দিৱস উপলক্ষে আজি মুক্তি পাব কেভিন পিটাৰছনৰ এশিঙীয়া গঁড়ৰ তথ্যচিত্ৰ…

ডিজিটেল ডেস্ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৌৰৱ এশিঙীয়া গঁড়ক বিষয় হিচাপে লৈ ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছনে নিৰ্মান কৰি উলিয়াইছে এখন তথ্য চিত্ৰ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ সময়ত প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে নিৰ্মান কৰি উলিয়াইছিল এই তথ্য চিত্ৰ খন ।

মঙলবাৰে আন্ত:ৰাষ্ট্ৰীয় গঁড় দিৱস উপলক্ষে নেশ্যনেল জিঅ'গ্ৰাফী চেনেলৰ জৰিয়তে বিশ্ব বাসীৰ সন্মুখত প্ৰচাৰ কৰা হব বুলি টুইট যোগে জানিবলৈ দিয়ে ক্ৰিকেটাৰ গৰাকীয়ে । নেশ্যনেল জিঅ'গ্ৰাফী চেনেলৰ জৰিয়তে ২২ ছ্প্টেম্বৰ অৰ্থাৎ আজি দুপৰীয়া ১ বজাত সম্প্ৰচাৰ কৰাৰ লগতে নিশা ৯ বজাত পুনৰ সম্প্ৰচাৰ কৰা হব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in