জীৱনৰ বাজিৰে কেৰালাৰ বানত ২৫টাকৈ কুকুৰৰ প্ৰাণ বচাই বিশ্বজুৰি চৰ্চিত সুনীতা

জীৱনৰ বাজিৰে কেৰালাৰ বানত ২৫টাকৈ কুকুৰৰ প্ৰাণ বচাই বিশ্বজুৰি চৰ্চিত সুনীতা

ডিজিটেল ডেস্কঃ পানী বাঢ়িয়েই আছে। সম্পূৰ্ণৰূপে ডুব গৈছে বিছনা। ডুব যোৱা বিছনাৰ ওপৰত তুলি দিয়া হৈছে আৰু এখন বিছনা। সেই বিছনাখনত মানুহ নহয় আছে কুকুৰ। এটা-দুটা নহয় ২৫টাকৈ কুকুৰক ভয়াৱহ বানৰ পৰা এনেদৰেই প্ৰাণ বছোৱাৰ চেষ্টা চলাইছে কেৰালাৰ এগৰাকী মহিলাই।

বাহিৰত ধাৰাসাৰ বৰষুণ। যিকোনো মুহূৰ্ততে গোটেই ঘৰটোৱেই পানীৰ তলত ডুব যোৱাৰ সম্ভাৱনাই দেখা দিছে। খবৰ পাই সেই স্থানত উপস্থিত হৈছে বিশেষ উদ্ধাৰকাৰী দল। পিছে উদ্ধাৰকাৰী দলটোৱেও উদ্ধাৰ কৰিব পৰা নাই মহিলাগৰাকীক।

পানীৰ সোঁত বা আন কোনো বাধাৰ বাবে নহয়, মহিলাগৰাকীয়ে নিজেই উদ্ধাৰকাৰী দলটোৰ সৈতে আহিবলৈ অসন্মত নোহোৱা বাবেহে উদ্ধাৰ কৰিব পৰা হোৱা নাই। কিয়নো ২৫ টাকৈ কুকুৰক এৰি উদ্ধাৰকাৰী দলটোৰ সৈতে আহিবলৈ মুঠেই প্ৰস্তুত নহয় জন্তু প্ৰেমী এইগৰাকী মহিলা। উদ্ধাৰকাৰী দলটোৱে হাজাৰ বুজনি দিয়া সত্বেও মৰমৰ কুকুৰকেইটাক ভয়াৱহ বানত মৰিবলৈ এৰি দি নিজক বচাব বিচৰা নাই মহিলাগৰাকীয়ে।

মহিলাগৰাকীৰ স্পষ্ট কথা, হয় উদ্ধাৰকাৰী দলটোৱে কুকুৰকেইটাকো উদ্ধাৰৰ ব্যৱস্থা কৰক নহ'লে সকলোকে মৰিবলৈ এৰি দিয়ক। উপায়ন্তৰ হৈ উদ্ধাৰকাৰী দলটোৱে বিশেষ আয়োজনৰে কুকুৰকেইটাক উদ্ধাৰৰ ব্যৱস্থা কৰে। মৰমৰ কুকুৰকেইটাক উদ্ধাৰ কৰিবলৈ ব্যৱস্থা লোৱাৰ পিছতগে মহিলাগৰাকীয়ে উদ্ধাৰকাৰী দলৰ সৈতে নিৰাপদ স্থানলৈ আহে।

'মহিলাগৰাকীয়ে আমাৰ দলটোক এবাৰ ওভতাই পঠিয়াইছে। তেওঁ স্পষ্টকৈ কৈ দিছে যে মৰমৰ কুকুৰকেইটাক এৰি তেওঁ ক'লৈকো নাযায়। প্ৰয়োজনত কুকুৰকেইটাৰ সৈতে একেলগে মৰিবলৈকো সাজু বুলি আমাক জনাইছে। সেয়ে আমি কুকুৰকেইটাক উদ্ধাৰৰ কাৰণে বিশেষ ব্যৱস্থা কৰিছো।'-সংবাদ মাধ্যমৰ আগত এইদৰে সদৰী কৰিছে উদ্ধাৰকাৰ্যত নিযোজিত এগৰাকী বিষয়াই।

জানিব পৰা মতে, বৰ্তমান এটা বিশেষ আশ্ৰয় গৃহত কুকুৰকেইটাৰ সৈতে সুনীতা নামৰ জন্তুপ্ৰেমী মহিলাগৰাকীক থকাৰ ব্যৱস্থা কৰি দিছে স্থানীয় প্ৰশাসনে। মহিলাগৰাকীৰ সৈতে তেওঁৰ স্বামীও উক্ত আশ্ৰয় গৃহটোত আছে।

বানৰ মাজতো অসহায় প্ৰাণীকেইটাৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰা মহিলাগৰাকীৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে সৰ্বত্ৰে সেয়া ভাইৰেল হৈ পৰা দেখা গৈছে। আন্তৰ্জাতিক সংবাদ মাধ্যমতো গুৰুত্বসহকাৰে প্ৰকাশ পাইছে এই খবৰ। বহুতে মহিলাগৰাকীৰ জীৱ-জন্তুৰ প্ৰতি থকা মৰমক প্ৰশংসা কৰাৰ লগতে কুকুৰকেইটাৰ খাদ্যৰ ব্যৱস্থা কৰি দিবলৈকো আগবাঢ়ি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in