কেৰালালৈ ৫০০ কোটিৰ বান সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

কেৰালালৈ ৫০০ কোটিৰ বান সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ কেৰালাত আকাশমাৰ্গেৰে বান পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বেয়া বতৰৰ বাবে পুৱাৰ ভাগত প্ৰধানমন্ত্ৰীগৰাকীৰ পক্ষে আকাশমাৰ্গেৰে বান পৰিস্থিতিৰ বুজ লোৱাতো সম্ভৱ নহ'ব বুলি প্ৰকাশ কৰিছিল চৰকাৰী সূত্ৰই।

কিন্তু পিছলৈ বতৰ ফৰকাল হোৱাত মোডীয়ে আকাশমাৰ্গেৰে কেৰালাৰ বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কেৰালালৈ ৫০০ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰা হ'ব বুলি ঘোষণা কৰে।

বানত প্ৰাণ হেৰুওৱা প্ৰতিজনৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথাও উল্লেখ কৰা হৈছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰপৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত। আহতসকলক আগবঢ়োৱা হ'ব ৫০ হাজাৰকৈ টকা।

ইফালে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও বান বিধ্বস্ত ৰাজ্যখনলৈ ১০ কোটি টকাৰ সাহায্য প্ৰদানৰ কথা সদৰী কৰিছে।

আকাশমাৰ্গেৰে বান পৰিদৰ্শনৰ পূৰ্বে কোচিত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ সৈতে প্ৰধানমন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সেনা তথা ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া সকলো উপস্থিত আছিল। এই বৈঠকত কেনেদৰে বান পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰে প্ৰধানমন্ত্ৰীয়ে।

উল্লেখ্য যে,  ১০০ বছৰৰ ভিতৰতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা এই বানে ৰাজ্যখনত এতিয়ালৈকে প্ৰাণ কাঢ়িছে অতি কমেও ৩২৭ জনকৈ লোকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in