ফেচবুকত চিনাকি হৈ বহিছিল বিয়াত! তাৰপিছত আত্মহত্যা টোকাত কন্যাই লিখিলে- দেউতা তুমি শুদ্ধ আছিলা, ইহতঁ ভাল মানুহ নহয়…

ফেচবুকত চিনাকি হৈ বহিছিল বিয়াত! তাৰপিছত আত্মহত্যা টোকাত কন্যাই লিখিলে- দেউতা তুমি শুদ্ধ আছিলা, ইহতঁ ভাল মানুহ নহয়…

ডিজিটেল ডেস্কঃ দেউতা তুমি শুদ্ধ আছিলা। তেওঁ ভাল মানুহ নাছিল- ২১বছৰীয়া এগৰাকী কন্যাই এনেদৰেই লিখি আত্মহত্যা কৰা ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। কিছুদিনৰ আগতে এগৰাকী লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈয়ে এনে দৰে চিঠি লিখা আত্মহত্যা কৰা যুৱতীগৰাকীৰ নাম মৌফিয়া পাৰবিন।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত খবৰ অনুসৰি, মৌফিয়াই ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল মহম্মদ চোহেল নামৰ এগৰাকী যুৱকৰ সৈতে। প্ৰথমে মেছেজ, তাৰ পিছত ফোন আৰু অৱশেষত ঘনিষ্ঠতা বাঢ়ি ঘৰৰ অমতত বিয়াত বহিছিল যুৱকগৰাকীৰ সৈতে।

আইনৰ ছাত্ৰী মৌফিয়া পাৰবিন বিবাহপাশত আৱদ্ধ হোৱাৰ পাছতে ঘৰুৱা হিংসাৰ বলি হৈছিল। শাহু-শহুৰৰ লগতে স্বামীয়েও অকথ্য নিৰ্যাতন চলাইছিল মৌফিয়া পাৰবিনৰ ওপৰত। আৰু অৱশেষত জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে ২১বছৰীয়া যুৱতীগৰাকীয়ে।

এখন চিলিং ফেন ওলমি থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰা বুলি মৌফিয়া পাৰবিনৰ পিতৃয়ে সংবাদমাধ্যমৰ আগত সদৰি কৰিছে। কন্যাক হেৰুৱাই ভাগি পৰা পিতৃয়ে স্বামীৰ লগতে পৰিয়ালৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে।

অতি শোকাৱহ এই ঘটনাতো সংঘটিত হৈছে কেৰালাৰ ইদায়াপুৰমত। আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত পোহৰলৈ আহিছে যে- স্বামী মহম্মদ চোহেলে মিছা কথা কৈ বিয়া পাতিছিল মৌফিয়াক। প্ৰথমে ডুবাইত চাকৰি কৰো বুলি কোৱাৰ লগতে ইউটিউবৰ এগৰাকী ব্লগাৰ বুলি চিনাকি দিছিল মহম্মদে। কিন্তু বিয়াৰ পাছত এখন চিনেমা নিৰ্মাণ কৰিবলৈ মৌফিয়াৰ পৰিয়ালৰ পৰা ৪০লাখ টকা দাবী কৰি নিৰ্যাতন চলাইছিল মহম্মদ চোহেলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in