বান বিধ্বস্ত কেৰালালৈ শ্বাহৰুখৰ ২১লাখ

বান বিধ্বস্ত কেৰালালৈ শ্বাহৰুখৰ ২১লাখ

ডিজিটেল ডেস্কঃ অক্ষয় কুমাৰ আৰু ছবি নিৰ্মাতা প্ৰিয়দৰ্শনৰ পাছত কেৰালালৈ ২১ লাখ টকাৰ অনুদান আগবঢ়াইছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ মীৰ ফাউণ্ডেচনে। ইতিমধ্যে কেৰালা চৰকাৰৰ সাহায্য পুজিঁত এই টকা প্ৰদান কৰিছে অভিনেতাজনে।

শ্বাহৰুখৰ আগতে কেৰলাবাসীৰ ওচৰত থিয় দিয়া অক্ষয় কুমাৰে সহায়ৰ কথা ক'তো প্ৰকাশ কৰা নাছিল যদিও প্ৰিয়দৰ্শনৰ এক টুইটৰ জৰিয়তে এই কথা পোহৰলৈ আহে। অৱশ্যে অক্ষয়ে প্ৰিয়দৰ্শনৰ টুইটটোকে পুনৰ টুইট কৰি কেৰালাৰ বানাক্ৰান্তক কেনেকৈ সাহায্য প্ৰদান কৰিব পাৰি সেই সম্পৰ্কে উল্লেখ কৰিছিল।

অক্ষয়, শ্বাহৰুখৰ লগতে অমিতাভ বচ্চন, শ্ৰদ্ধা কাপুৰ, অভিষেক বচ্চন আৰু বিদ্যা বালানৰ দৰে অভিনেতা-অভিনেত্ৰীয়েও কেৰালাক সহায়ৰ হাত আগবঢ়াবলৈ টুইটাৰযোগে সমগ্ৰ দেশবাসীক অনুৰোধ জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in