কেৰালাৰ বিমান দুৰ্ঘটনাৰ পাছৰ ৫ মিনিটত কি কি কৰা হৈছিল, সবিশেষ…

কেৰালাৰ বিমান দুৰ্ঘটনাৰ পাছৰ ৫ মিনিটত কি কি কৰা হৈছিল, সবিশেষ…

ডিজিটেল ডেস্কঃ কেৰালাৰ কোঝিকোডস্থিত কালীকট ইন্টাৰনেশ্যনেল এয়াৰপৰ্টত এয়াৰ ইণ্ডিয়াৰ IX-1344 নম্বৰৰ বিমানখন শুকুৰবাৰে পতিত হৈছিল দুৰ্ঘটনাত। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলায়। ইফালে, চিআইএছএফে ৰাষ্ট্ৰীয় সংবাদমাধ্যমক জানিবলৈ দিয়া মতে, বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা পাছৰ ৫ মিনিট সময়ত কি কি হৈছিল তাৰ তথ্য লাভ কৰা হৈছে। যাত্ৰী তথা বিমানৰ ক্ৰিউ মেম্বাৰসকলৰ প্ৰাণ ৰক্ষা কৰাৰ দিশেৰে এই ৫ মিনিট সময় অতি প্ৰয়োজনীয়।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, দুবাইৰ পৰা উৰা মাৰি অহা এয়াৰ ইণ্ডিয়াৰ এই বিমানখন শুকুৰবাৰে আৱেলি ৭.৪০ বজাত ৰানৱে'ত পিচলি দুৰ্ঘটনাত পতিত হয় তেতিয়া চিআইএছএফৰ এজন বিষয়াই এই বিষয়ে অৱগত কৰে চিআইএছএফৰ কন্ট্ৰ'ল ৰূমত। চিআইএছএফৰ সহায়ক উপ নিৰীক্ষক অজিত সিং গেট নম্বৰ ৮ত সেই সময়ত উপস্থিত আছিল, য'ত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। আচলতে কি কি কৰা হৈছিল দুৰ্ঘটনাৰ পাছৰ ৫ মিনিটত-

৭.৪১ বজাতঃ চিআইএছএফ কন্ট্ৰ'ল ৰূমে এয়াৰ ট্ৰাফিক কন্ট্ৰ'ল আৰু চিআইএছএফৰ কুইক ৰেছপন্স টীমক এই সন্দৰ্ভত অৱগত কৰে।

৭.৪২ বজাতঃ তাৰপাছত এয়াৰপ'ৰ্টৰ অগ্নিনিৰ্বাপক বাহিনীক দিয়া হয় এই দুৰ্ঘটনাৰ খবৰ।

৭.৪৩ বজাতঃ চিআইএছএফে বিমান বন্দৰৰ স্বাস্থ্য বিভাগক এই বিষয়ে অৱগত কৰে। কিয়নো এই ভয়ংকৰ দুৰ্ঘটনাত বহু লোক আহত হোৱাৰ আশংকা আছিল।

৭.৪৪ বজাতঃ ইয়াৰ পাছতে এয়াৰপ'ৰ্টৰ টাৰ্মিনেল মেনেজাৰ, এয়াৰপ'ৰ্ট ডায়ৰেক্টৰৰ লগতে এয়াৰপ'ৰ্টৰ হেল্থকো ফোনযোগে চিআইএছএফে এই কথা জনায়।

৭.৪৫ বজাতঃ চিআইএছএফ কন্ট্ৰ'ল ৰূমে স্থানীয় আৰক্ষী আৰু এজেন্সীসমূহৰ ইউনিট লাইন্সক এই বিষয়ে অৱগত কৰে।

উল্লেখ্য যে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ ৫ৰ পৰা ৭ মিনিটৰ ভিতৰতে দুৰ্ঘটনাস্থলীত উপস্থিত হয় এলেকাটোৰ স্থানীয় লোকসকলে। সেই স্থানত বহু সংখ্যক স্থানীয় লোকৰ আগমন দেখি বিমান বন্দৰটোৰ ডিপুটি কমাণ্ডেন্টে উদ্ধাৰ অভিযান চলোৱাৰ বাবে সমীতি সংখ্যক স্থানীয় ৰাইজকহে গ্ৰেছ গেটৰ ভিতৰত প্ৰৱেশৰ অনুমতি প্ৰদান কৰে। জানিব পৰা মতে, এই দুৰ্ঘটনাত ১৮জনকৈ লোকে হেৰুৱাইছে প্ৰাণ। আৰু আহত হৈছে প্ৰায় ১৫০জন যাত্ৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in