এতিয়া মোডীৰ মতে চলে নিৰ্বাচন আয়োগঃ অৰবিন্দ কেজৰিৱাল

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ ২০ ঘন্টাৰ পূৰ্বেই পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ সভা আৰু ৰেলী অনুষ্ঠিত কৰাত নিৰ্বাচন আয়োগে জাৰি কৰা নিষেধাজ্ঞাক লৈ এতিয়া ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিৰোধীয়ে ইয়াক লৈ প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ লগতে নিৰ্বাচন আয়োগৰ দৰে গণতান্ত্ৰিক সংস্থাও এতিয়া মোডীৰ হেঁচাত চলা বুলি অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে, অহা ১৯ মে'ত অনুষ্ঠিত হ'বলগীয়া অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিম ১৭ মে'ত। কিন্তু পশ্চিম বংগত এই নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ ২০ ঘন্টা পূৰ্বে অৰ্থাৎ ১৬ মে'ৰ নিশা ১০ বজাৰ পৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। মঙলবাৰে ৰাজ্যখনত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ ৰেলীৰ সময়ত হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবেই নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰা বুলি দাবী কৰিলেও প্ৰকৃততে বিজেপি আৰু মোডীৰ স্বাৰ্থতহে এই সিদ্ধান্ত লোৱা বুলি অভিযোগ কৰিছে বিৰোধীয়ে।

বৃহস্পতিবাৰে এই সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদ মাধ্যমৰ সন্মুখত কয়, 'নিৰ্বাচন আয়োগে প্ৰথমে মোডীৰ ৰেলী অন্ত পৰিবলৈ দিছে। তাৰ পিছতহে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰিছে। ইয়াৰ অৰ্থ এয়াই যে এতিয়া নিৰ্বাচন আয়োগে বিজেপি, মোডীৰ নিৰ্দেশত চলিবলৈ আৰম্ভ কৰিছে। এয়া গণতন্ত্ৰৰ বাবে অতি ভয়ংকৰ কথা।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in