ইমৰানৰ সৈতে কি সম্পৰ্ক আছে মোডীৰ? -প্ৰশ্ন কেজৰিৱালৰ

ইমৰানৰ সৈতে কি সম্পৰ্ক আছে মোডীৰ? -প্ৰশ্ন কেজৰিৱালৰ

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কিছু ঘন্টা বাকী। দেশজুৰি ২০১৯ৰ লোকসভা নিৰ্বাচনকলৈ তৎপৰতা বৃদ্ধি পাইছে। ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ সামৰি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে। সেই সময়তে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱালে আক্ৰমণৰ লক্ষ্য কৰি লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। পাক প্ৰধানমন্ত্ৰী ইমাৰন খানৰ এক মন্তব্যক লৈ কেজৰিৱালে মোডীক আক্ৰমণ কৰি কয় যে যদি ভাৰতত বিজপি পুনৰ এবাৰ শাসনলৈ আহে, তেন্তে পাকিস্তানত আনন্দৰ ফটকা ফুটিব।

দৰাচলতে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে বুধবাৰে এক বিদেশী সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ভাৰতত তেওঁ পুনৰ এবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰাটো বিচাৰে বুলি মন্তব্য কৰিছিল। বিজেপি শাসনলৈ আহিলে জম্মু-কাশ্মীৰৰ অশান্ত পৰিস্থিতিৰ শাম কটাই শান্তি আলোচনা সম্ভৱ হ'ব বুলি ইমৰান খানে তেওঁৰ সাক্ষাৎকাৰত মন্তব্য কৰিছিল। ইয়াৰ পিছতে আপৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱালে মোডীক লক্ষ্য কৰি প্ৰশ্ন কৰে যে মোডীৰ সৈতে ইমৰান খানৰ এনে কি সম্পৰ্ক আছে, যাৰ বাবে পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰে বিজেপিৰ জয় বিচাৰিছে। পাকিস্তানৰ সৈতে মোডীৰ গোপন বুজাবুজি থকাৰ অভিযোগ কৰি কেজৰিৱালে মোডীক সেই সম্পৰ্কৰ বিষয়ে ৰাজহুৱা কৰিবলৈও আহ্বান জনায়।

এটা টুইটত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, 'পাকিস্তানে মোডীক কিয় জিকাব বিচাৰে? মোডীয়ে দেশবাসীক এই বিষয়ে জনাওক যে পাকিস্তানৰ সৈতে তেওঁৰ কিমান ঘনিষ্ঠ সম্পৰ্ক আছে? সকলো দেশবাসীয়ে এয়া জানি থোৱা ভাল, যদি মোডী পুনৰ এবাৰ জয়ী হয়, তেন্তে পাকিস্তানত ফটকা ফুটিব।'

ইফালে, পাক প্ৰধানমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পিছত কংগ্ৰেছো সৰৱ হৈ পৰিছে নৰেন্দ্ৰ মোডী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে। কংগ্ৰেছ নেতা ৰণদ্বীপ সুৰজেৱালাই কয়, 'পাকিস্তানে আইনগতভাৱে এতিয়া মোডীৰ সৈতে মিত্ৰতা স্থাপন কৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰীজনে কৈছে 'মোডীক ভোট দিয়া মানে পাকিস্তানক ভোট দিয়া'। মোডীজী, প্ৰথমে আপোনাৰ নাবাজ শ্বৰীফৰ সৈতে প্ৰেম আৰু এতিয়া ইমৰান খান ঘনিষ্ঠ বন্ধু! আপোনাৰ মুখা খোল খালে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in